অসম

assam

By

Published : Feb 24, 2021, 4:05 PM IST

ETV Bharat / bharat

'পৰিৱেশবিদ' দিশা ৰবিৰ জামিন লাভত আনন্দ প্ৰকাশ কপিল ছিবালৰ

'পৰিৱেশবিদ' দিশা ৰবিয়ে জামিন লাভ কৰাৰ পিছতে টুইটযোগে আনন্দ প্ৰকাশ কৰিলে কংগ্ৰেছ নেতা কপিল ছিবালে । দিল্লীৰ সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰিছে দিশা ৰবিৰ ।

'পৰিৱেশবিদ' দিশা ৰবিৰ জামিন লাভত আনন্দ প্ৰকাশ কপিল ছিবালৰ
'পৰিৱেশবিদ' দিশা ৰবিৰ জামিন লাভত আনন্দ প্ৰকাশ কপিল ছিবালৰ

নেশ্যনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী: 'টুলকিট' গোচৰৰ অভিযুক্ত 'পৰিৱেশবিদ' দিশা ৰবিয়ে জামিন লাভ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা কপিল ছিবালে । তেওঁ বুধবাৰে টুইটযোগে কয় যে, ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহৰ আইনৰ অপব্যৱহাৰ সন্দৰ্ভত প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে । উল্লেখ্য যে, মঙলবাৰে দিল্লীৰ সত্ৰ ন্যায়াধীশৰ আদালতে দিশা ৰবিৰ জামিন আবেদন মঞ্জুৰ কৰিছিল ।

কৃষকৰ প্ৰতিবাদ অব্যাহত থকা সময়ত ছ'চিয়েল মিডিয়াত 'টুলকিট' শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে দিশাক যোৱা ১৩ ফেব্ৰুৱাৰীত বাংগালুৰুৰ পৰা দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰিছিল । মঙলবাৰে সত্ৰ ন্যায়াধীশৰ আদালতে দিশাৰ জামিন মঞ্জুৰ কৰে । অৱশ্যে দিশাই নিশ্চিতি হিচাপে ১ লাখ টকাকৈ আদায় দিব লাগিব । সোমবাৰে একেখন আদালতে ২২ বছৰীয়া দিশাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । পূৰ্বে দিল্লীৰ আৰক্ষীৰ পক্ষত থাকি অধিবক্তা বিকাশে আদালতত জনাইছিল যে, এই গোচৰৰ সৈতে নিকিতা আৰু শান্তনু নামৰ দুগৰাকী লোকো জড়িত হৈ আছে ।

দুয়োগৰাকীয়ে তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াইছে আৰু বোম্বে উচ্চ ন্যায়ালয়ে দুয়োকে গ্ৰেপ্তাৰৰ কৰাৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিছে । যোৱা ৩ ফেব্ৰুৱাৰীত ছুইদেনৰ পৰিৱেশবিদ গ্ৰেটা থানবাৰ্গে টুইটযোগে এক 'টুলকিট' শ্বেয়াৰ কৰিছিল আৰু পিছত তেওঁ এই 'টুলকিট' আঁতৰাই পেলায় । 'পৰিৱেশবিদ' দিশা ৰবি এই 'টুলকিট'ৰ সম্পাদনা কৰাত জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে । আনহাতে, গ্ৰেটাই কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল ।

লগতে পঢ়ক:মাতৃ-পত্নীৰ সংঘাত: পাঁচ মহলাৰ পৰা জপিয়াই আত্মহত্যা

ABOUT THE AUTHOR

...view details