অসম

assam

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 8:17 PM IST

ETV Bharat / bharat

ভাষণ দি থকা অৱস্থাতে মৃত্যু আইআইটি কানপুৰৰ জ্যেষ্ঠ অধ্যাপক সমীৰ খাণ্ডেকাৰৰ

আইআইটি কানপুৰৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠান সম্বোধন কৰি থকাৰ সময়তে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয় অধ্যাপক সমীৰ খাণ্ডেকাৰে (Kanpur IIT senior professor death)। খাণ্ডেকাৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীনৰ দায়িত্বত আছিল । তেওঁৰ মৃত্যুত বিভিন্নজনৰ শোক প্ৰকাশ ।

Kanpur IIT
আইআইটি কানপুৰৰ জ্যেষ্ঠ অধ্যাপক সমীৰ খাণ্ডেকাৰৰ আকস্মিক বিয়োগ

নেশ্যনেল ডেস্ক,২৩ ডিচেম্বৰ :আইআইটি কানপুৰৰ জ্যেষ্ঠ অধ্যাপক সমীৰ খাণ্ডেকাৰৰ শুকুৰবাৰে ৫৫ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । তেওঁ আইআইটি কানপুৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠান সম্বোধন কৰি আছিল । তেওঁ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ দি থকাৰ সময়তে হঠাতে বুকুৰ প্ৰচণ্ড বিষত বাগৰি পৰে । লগে লগে আইআইটি কানপুৰৰ আন অধ্যাপক আৰু কৰ্মচাৰীসকলে তেওঁক চিকিৎসালয়লৈ লৈ যায় । খাণ্ডেকাৰক কাৰ্ডিঅ'লজী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে । জানিব পৰা মতে তেওঁৰ মেদবহুলতাৰ সমস্যা আছিল । তেওঁ ইয়াৰ বাবে ২০১৯ চনত চিকিৎসাধীনো হৈছিল ।

ইফালে অধ্যাপকগৰাকীৰ আকস্মিক মৃত্যু সম্পৰ্কে আইআইটিৰ প্ৰশাসনিক বিষয়াসকলে কয় যে তেওঁ সম্পূৰ্ণ সুস্থ আছিল । কিন্তু তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে শোকস্তব্ধ কৰি তুলিছে । অধ্যাপক সমীৰ খাণ্ডেকাৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীনৰ দায়িত্বত আছিল । আইআইটিৰ কেইবাগৰাকী জ্যেষ্ঠ অধ্যাপকৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সচিব তথা প্ৰাক্তন সঞ্চালক অধ্যাপক অভয় কাৰান্দিকাৰেও অধ্যাপক সমীৰ খাণ্ডেকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

আইআইটি কানপুৰৰ সমীপতে প্ৰাক্তন অধ্যাপক এইচ চি বাৰ্মাৰ দ্বাৰা এখন শিক্ষা সম্পৰ্কীয় আশ্ৰম আছে । অধ্যাপক সমীৰ খাণ্ডেকাৰ সেই আশ্ৰমৰ সৈতেও জড়িত আছিল । কেইদিনমান পূৰ্বে অনুষ্ঠিত এক কাৰ্যসূচীত তেওঁ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে কৈছিল । অধ্যাপক সমীৰ খাণ্ডেকাৰ আইআইটিৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সৈতে জড়িত আছিল আৰু তেওঁৰ পৰিয়াল আইআইটি কানপুৰৰ চৌহদত বাস কৰিছিল । আইআইটি কানপুৰৰ অধ্যাপকসকলে কোৱা মতে হৃদৰোগীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে । সেয়ে সকলো লোকে সময়ে সময়ে তেওঁলোকৰ হৃদযন্ত্ৰ পৰীক্ষা কৰিব লাগিব ।

৫৫ বছৰ বয়সতে অকাল মৃত্যুক আঁকোৱালি লোৱা অধ্যাপক সমীৰ খাণ্ডেকাৰ আইআইটি কানপুৰৰ এক সুপৰিচিত নাম আছিল । সমীৰ খাণ্ডেকাৰৰ জন্ম ১৯৭১ চনৰ ১০ নৱেম্বৰত মধ্য প্ৰদেশৰ জবলপুৰত হৈছিল । তেওঁ ২০০০ চনত আইআইটি কানপুৰলৈ আহিছিল আৰু আইআইটি কানপুৰৰ পৰা বি.টেক ডিগ্ৰী লাভ কৰিছিল আৰু তাৰ পিচত জাৰ্মানীলৈ যায় ।

তেওঁ ২০০৪ চনত জাৰ্মানীত পিএইচডি ডিগ্ৰী লাভ কৰিছিল আৰু সহকাৰী অধ্যাপক হিচাপে কাম কৰিবলৈ আইআইটি কানপুৰলৈ আহিছিল । ২০০৯ চনত তেওঁ সহযোগী অধ্যাপক হয় । ২০১৪ চনত তেওঁ অধ্যাপক হয় । ২০২০ চনত তেওঁ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী হয় । ২০২৩ চনত তেওঁ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীনৰ দায়িত্বও গ্ৰহণ কৰে ।

লগতে পঢ়ক :হিজাব নিষেধাজ্ঞাৰ প্ৰত্যাহাৰ সন্দৰ্ভত বিবেচনা কৰিছে চৰকাৰে: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details