নিউজ ডেস্ক, 3 ডিচেম্বৰ : ছত্তীশগড়ৰ কাংকেৰ বিধানসভাৰ আসনত নাটকীয় আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক যুঁজত বিজেপি প্ৰাৰ্থী আশাৰাম নেতমে বহু কম ভোটৰ ব্যৱধানত বিজয়ী হয় ৷ তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ শংকৰ ধ্ৰুৱৰ বিৰুদ্ধে মাত্ৰ 16 টা ভোটত জয়লাভ কৰে ৷ এই আকৰ্ষণীয় তথা ৰোমাঞ্চকৰ নিৰ্বাচনী যুঁজত অৱশেষত নেতমে বিজয়ৰ হাঁহি মাৰে ৷
2008 চনৰ সীমা নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি কাংকেৰ বিধানসভা সমষ্টিত অনুসূচিত জাতিৰ জনসংখ্যা 4.34 শতাংশ আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা 58.79 শতাংশ ৷ 2023 চনৰ ছত্তীশগড় বিধানসভা নিৰ্বাচনত সমষ্টিটোত মুঠ 1,82,274 জন ভোটাৰ আছিল ৷ ইয়াৰে 87,176 জন পুৰুষ আৰু 95,096 গৰাকী মহিলা আৰু 2 জন পঞ্জীয়নভুক্ত ভোটাৰ তৃতীয় লিংগৰ আছিল ৷
প্ৰতিটো ভোটৰ বাবে বিজেপিৰ নেতম আৰু আইএনচিৰ ধ্ৰুৱই অদম্য সংঘৰ্ষ কৰিব লগীয়া হয় ৷ নিৰ্বাচনী যুদ্ধৰ উৎকণ্ঠাময় যাত্ৰাত দুয়োজন প্ৰাৰ্থীয়ে পৰ্যায়ক্ৰমে অগ্ৰগতি লাভ কৰিছিল, যাৰ ফলত ফলাফল অনিশ্চিত হৈ পৰিছিল আৰু পৰিৱেশটো উত্তেজনাৰে ভৰি পৰিছিল ৷
চূড়ান্ত গণনাত আচৰিত ধৰণে সংকীৰ্ণ জয়ৰ কথা পোহৰলৈ আহে ৷ আশাৰাম নেতমে 67,980 টা ভোট লাভ কৰাৰ বিপৰীতে শংকৰ ধ্ৰুৱই লাভ কৰে 67, 964 টা ভোট আৰু মাত্ৰ 16 টা ভোটৰ ব্যৱধানত জয়লাভ কৰে আশাৰাম নেতমে ৷