নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ :ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লাল হত্যাকাণ্ড (KanhaiyaLal Murder Case) পুনৰ এবাৰ চৰ্চালৈ আহিছে । এইবাৰ সামাজিক মাধ্যমত এই ঘটনাটো চৰ্চিত হৈছে (Kanhaiyalal murder case is trending on Twitter)। বুধবাৰে পুৱাৰে পৰা এই বিষয়টো ট্ৰেণ্ডত আছে । কানহাইয়া লাল হত্যাকাণ্ডক লৈ টিভিৰ এটা ৰিয়েলিটি শ্ব'ত গীত পৰিৱেশন কৰিছে এগৰাকী কণ্ঠশিল্পীয়ে । গীতটোৰ জৰিয়তে শিল্পীগৰাকীয়ে হত্যাকাণ্ডটোৰ সকলো দিশ উল্লেখ কৰিছে । লগে লগে ই অধিক চৰ্চাৰ বিষয় হৈ পৰিছে ।
গীতটো শুনাৰ পাছতে কানহাইয়া লাল চাহুৰ জ্যেষ্ঠ পুত্ৰ যশ চাহুৱে কয় যে মানুহৰ নিজা অনুভূতি থাকে (KanhaiyaLal family reaction)। সেই অনুভূতিক সন্মান কৰা উচিত । পিতৃৰ বিয়োগৰ ফলত পৰিয়ালটোৱে যি বেদনাত ভুগিছে সেইটোৱে এতিয়াও তেওঁলোকক পিছ এৰা নাই । টুইটাৰ আৰু ইনষ্টাগ্ৰামত ট্ৰেণ্ডিং হৈ থকা গীতটো তেওঁ শুনিছে ।
গোটেই গীতটোত, গোঁড়ামি বিৰোধী আৰু গীতটোত তেওঁৰ পিতৃৰ বিষয়টোও উল্লেখ কৰা হৈছে । পুত্ৰই উল্লেখ কৰা মতে তেওঁৰ পিতৃক যিদৰে নিৰ্মমভাৱে হত্যা কৰা হৈছিল, তেওঁৰ পৰিয়ালে আজিও এই জঘন্য ঘটনাটোক লৈ আচৰিত হৈ আছে ।