অসম

assam

By

Published : Sep 28, 2021, 1:13 PM IST

ETV Bharat / bharat

আজি কংগ্ৰেছত যোগদান কৰিব কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে

ৰাহুল গান্ধীৰ উপস্থিতিত চিপিআই নেতা তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰ আৰু গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীয়ে মঙলবাৰে কংগ্ৰেছত যোগদান কৰিব । শেহতীয়াকৈ বহু যুৱ কংগ্ৰেছীয়ে দল ত্যাগ কৰাৰ পাছত দুয়োগৰাকী চৰ্চিত নেতাৰ যোগদানে বিশেষ প্ৰতিক্ৰিয়া হৈছে ৰাজনৈতিক মহলত ।

Congress
কংগ্ৰেছত যোগদান কৰিব কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ :কংগ্ৰেছত যোগদান কৰিব চিপিআই নেতা তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰ আৰু গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীয়ে । সূত্ৰৰ মতে মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ উপস্থিতিত দুয়োগৰাকী নেতাই যোগ দিব কংগ্ৰেছ দলত । শেহতীয়াকৈ কানহাইয়া কুমাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল আৰু তেতিয়াৰ পৰাই ৰাজনৈতিক মহলত বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈছিল । পিছে দুয়োগৰাকীয়ে ভাৰতৰ প্ৰভাৱশালী নেতা হিচাপে পৰিচিত ।

কংগ্ৰেছত যোগদান কৰিব কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে

জিগনেশ মেৱানী দলিত আন্দোলনৰ অন্যতম নেতা :

জিগনেশ মেৱানী দলিত আন্দোলনৰ এগৰাকী প্ৰভাৱশালী নেতা । ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ এগৰাকী সাংবাদিক, উকীল আৰু এগৰাকী দলিত কৰ্মী হিচাপে পৰিচিত আছিল । ভেৰাভালত উনাৰ ঘটনাৰ পাছতে মেৱানীয়ে ঘোষণা কৰিছিল যে দলিতসকলে মৃত জন্তুৰ চামৰা আঁতৰোৱা কাম,নলা পৰিষ্কাৰৰ দৰে লেতেৰা কাম আৰু নকৰে ।

তাৰ পাছতে হঠাৎ শিৰোনাম দখল কৰিছিল মেৱানীয়ে । মেৱানী তেতিয়াৰ পৰাই দেশত চৰ্চা লাভ কৰে । ইফালে তেওঁ প্ৰায়ে প্ৰধানমন্ত্ৰী মোডীৰ নীতিসমূহক সমালোচনা কৰে ।

মোডী বিৰোধী হিচাপে কানহাইয়াৰ আছে বিশেষ পৰিচয় :

কানহাইয়া কুমাৰ ছাত্ৰ আন্দোলনৰ পৰাই দেশজুৰি চৰ্চাত আছে । চিপিআইৰ ছাত্ৰ সংগঠনসমূহ অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচনৰ অংশ হৈ আহিছে । তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি আছিল । তেওঁ যোৱা লোকসভা নিৰ্বাচনত বিহাৰৰ বেগুচৰাইৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিঙৰ হাতত পৰাজিত হৈছিল ।

কংগ্ৰেছত যোগদান কৰিব কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে

ৰাহুল গান্ধীৰ ঘনিষ্ঠৰ কংগ্ৰেছ ত্যাগ :

শেহতীয়াকৈ কংগ্ৰেছৰ যুৱ নেতাসকলে দল ত্যাগ কৰি বিজেপি বা আন দলসমূহত যোগদান কৰা দেখা গৈছে । জ্যোতিৰাদিত্য সিন্ধিয়া, জীতেন প্ৰসাদ, সুস্মিতা দেৱ, অশোক তানৱাৰ, প্ৰিয়ংকা চতুৰ্বেদী, ললিতেশপতি ত্ৰিপাঠীৰ দৰে বহু তৰুণ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে । এই আটাইকেইজন ৰাহুল গান্ধীৰ ঘনিষ্ঠসকলৰ ভিতৰত অন্যতম আছিল ।

ৰাহুল গান্ধীৰ এই যুৱ ব্ৰিগেডক কংগ্ৰেছৰ ভৱিষ্যতৰ মুখ বুলি গণ্য কৰা হৈছিল । তথাপিও, কংগ্ৰেছে তেওঁলোকক দলত ৰাখিব নোৱাৰিলে । এটাৰ পাছত আন এজন যুৱ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে যদিও গুলাম নবী আজাদৰ দৰে বহু জ্যেষ্ঠ নেতাই এতিয়াও কংগ্ৰেছক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে ।

যুৱ নেতাসকলৰ প্ৰস্থানৰ ফলত সৃষ্টি হোৱা শূন্যতা পূৰণ কৰিবলৈ কংগ্ৰেছে কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীক দললৈ আদৰণি জনাব বুলি ধাৰণা কৰা হৈছে । আন্দোলনৰ মাজেৰে দুয়োগৰাকী নেতাৰ জন্ম হৈছে আৰু তেওঁলোকৰ প্ৰজন্মৰ মাজত দুয়োগৰাকীৰে বিশেষ গুৰুত্ব আছে । কংগ্ৰেছে কানহাইয়া, জিগনেশ আৰু হাৰ্ডিকৰ দৰে নেতাসকলক "আউটচৰ্চিং" কৰি দলত যুৱ নেতাৰ পদত্যাগৰ মোহৰ মচিবলৈ চেষ্টা কৰা বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক :সৌৰভ গাংগুলীক আদালতে বিহিলে জৰিমনা

ABOUT THE AUTHOR

...view details