চিটাৰা ডেস্ক,31 মাৰ্চ: ছ’চিয়েল মিডিয়াযোগে অভিনেত্ৰী কংগনা ৰাণাৱটে অনুৰাগীসকলক জনাইছে হোলীৰ শুভেচ্ছা ৷ অভিনেত্ৰী গৰাকীয়ে পৰৱৰ্তী ছবি থালাইভিৰ মুক্তিৰ আগতে প্ৰমোচন সম্পৰ্কত এক বিশেষ ঘোষণা কৰে ৷ এক ভিডিঅ' বাৰ্তাযোগে কংগনাই কৈছিল যে, থালাইভিৰ দলটোৱে এক প্ৰমোচন শ্ব’ত অংশ ল’ব, যিয়ে অনুৰাগীসকলক ছবিখনৰ প্ৰচাৰৰ বাবে আকৰ্ষিত কৰিব ৷
অনুৰাগীলৈ হোলীৰ শুভেচ্ছা কংগনা ৰাণাৱটৰ - thalaivi promotions
অনুৰাগীসকলক হোলীৰ শুভেচ্ছা জনাইছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে ৷ লগতে থালাইভিৰ প্ৰচাৰ সম্পৰ্কীয় বিশেষ ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে ৷
![অনুৰাগীলৈ হোলীৰ শুভেচ্ছা কংগনা ৰাণাৱটৰ অনুৰাগীলৈ হোলীৰ শুভেচ্ছা কংগনা ৰাণাৱটৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11199310-819-11199310-1616996508054.jpg)
অনুৰাগীলৈ হোলীৰ শুভেচ্ছা কংগনা ৰাণাৱটৰ
অনুৰাগীলৈ হোলীৰ শুভেচ্ছা কংগনা ৰাণাৱটৰ
থালাইভি তামিলনাডুৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী আম্মা অৰ্থাৎ জয়াললিতাৰ জীৱনীভিত্তিক ছবি, য’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কংগনাই ৷ অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰি এগৰাকী শক্তিশালী ৰাজনীতিবিদ হৈ জয়াললিতাই কেনেদৰে সফল নাৰী হিচাপে পৰিগণিত হৈছিল, তাৰে আভাস ছবিখনত দাঙি ধৰা হৈছে ৷