অসম

assam

ETV Bharat / bharat

ভাৰতৰ স্বাধীনতা সম্পৰ্কে মন্তব্য কৰি পুনৰ বিতৰ্কত Kangana Ranaut - ২০১৪ চনতহে ভাৰতৰ চেতনা আৰু বিবেকে স্বাধীনতা লাভ কৰিছিল

অভিনেত্ৰীগৰাকীৰ মতে মোডীৰ চৰকাৰ শাসনলৈ অহাৰ পাছতে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে । তেওঁৰ এই মন্তব্য ভুল প্ৰমাণিত কৰিব পাৰিলে পদ্মশ্ৰী সন্মান ঘূৰাই দিয়াৰ লগতে ক্ষমা বিচাৰিবলৈও সাজু আছে কংগনা ৰাণাৱট ।

Kangana Ranaut
ভাৰতৰ স্বাধীনতা সম্পৰ্কে মন্তব্য কৰি পুনৰ বিতৰ্কত Kangana Ranaut

By

Published : Nov 13, 2021, 3:31 PM IST

চিটাৰা ডেস্ক,১৩ নৱেম্বৰ :পুনৰ বিতৰ্কত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট (Kangana Ranaut) । ভাৰতৰ স্বাধীনতা সম্পৰ্কীয় বিশেষ মন্তব্য কৰি বিতৰ্কত শেহতীয়াকৈ পদ্মশ্ৰী সন্মান (Padma Shri award) লাভ কৰা অভিনেত্ৰীগৰাকী । অভিনেত্ৰীগৰাকীয়ে ১৯৪৭ চনৰ স্বাধীনতাক ভিক্ষা বুলি অভিহিত কৰি নৰেন্দ্ৰ মোডীৰ (Narendra Modi) চৰকাৰ শাসনলৈ অহাৰ পাছতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে বুলি কৈছিল । এই মন্তব্যৰ পাছতে সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী । বিভিন্নজনে অভিযোগো দাখিল কৰিছে তেওঁৰ বিৰুদ্ধে ।

নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত কেইবাটাও ষ্টৰী শ্বেয়াৰ কৰিছে । অভিনেত্ৰীগৰাকীয়ে পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ প্ৰস্তাৱ দি এখন কিতাপৰ এটা অংশ শ্বেয়াৰ কৰি লিখিছে যে ১৮৫৭ চনৰ এটা সাক্ষাৎকাৰতে সকলোবোৰ স্পষ্টভাৱে উল্লেখ কৰা হৈছে, সুভাষ চন্দ্ৰ বসু (Subhash Chandra Bose), ৰাণী লক্ষ্মীবাই (Rani Laxmibai) আৰু বীৰ সাভাৰকাৰজীৰ (Veer Savarkar ji) দৰে মহান ব্যক্তিৰ ত্যাগৰ সৈতে স্বাধীনতাৰ প্ৰথম সামূহিক যুঁজ আছিল । ১৮৫৭ ৰ এই যুদ্ধৰ কথা তেওঁ জানে কিন্তু ১৯৪৭ চনত কোনখন যুদ্ধ সংঘটিত হৈছিল সেই বিষয়ে তেওঁ অৱগত নহয় বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে । যদি কোনোৱে তেওঁক এই বিষয়ে জনাব পাৰে তেনেহ'লে তেওঁ পদ্মশ্ৰী ঘূৰাই দিব আৰু ক্ষমাও বিচাৰিব বুলি দাবী কৰে ।

ভাৰতৰ স্বাধীনতা সম্পৰ্কে মন্তব্য কৰি পুনৰ বিতৰ্কত Kangana Ranaut

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কথাবোৰৰ যুক্তি দৰ্শাই কয় যে ভাৰতৰ শাৰীৰিক স্বাধীনতা থাকিলেও ২০১৪ চনতহে ভাৰতৰ চেতনা আৰু বিবেকে স্বাধীনতা লাভ কৰিছিল । তেওঁৰ মতে বৰ্তমান ইংৰাজী ক'ব নোৱাৰা বা সৰু চহৰৰ পৰা অহা বা ভাৰতত নিৰ্মিত সামগ্ৰী ব্যৱহাৰ নকৰা আদি বিষয়ত দেশবাসীক কোনেও লাজ দিব নোৱাৰে । অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ এই কথাবোৰে চোৰ স্বভাৱৰ লোকসকলৰ বাবে অসহ্যকৰ হ'ব পাৰে ।

অভিনেত্ৰীগৰাকীয়ে নিজৰ মন্তব্যৰ স্পষ্টীকৰণ দি থকাৰ মাজতে কংগ্ৰেছ, আপ (AAP) আৰু শিৱসেনা (Shiv Sena), নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (Nationalist Congress Party) দৰে অন্যান্য মুখ্য ৰাজনৈতিক দলসমূহে ৰাণাৱটক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে । সকলো ৰাষ্ট্ৰীয় সন্মান বা বঁটা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে আৰু দেশখনে স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন (75th Independence day) কৰি থকাৰ সময়ত ১৯৪৭ চনৰ ভাৰতীয় স্বাধীনতাক অৱমাননা কৰাৰ বাবে সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :শীঘ্ৰেই OTT প্লেটফৰ্মত প্ৰৱেশ কৰিব যশৰাজ ফিল্মছে

ABOUT THE AUTHOR

...view details