অসম

assam

ETV Bharat / bharat

কমল নাথ হ'ব নেকি AICCৰ পৰৱৰ্তী কাৰ্যকৰী সভাপতি ? - বৰ্ষাকালীন অধিৱেশন

কংগ্ৰেছে শীঘ্ৰেই দলৰ নতুন সভাপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পাছত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এখন বৈঠক আহ্বান কৰাৰ সম্ভাৱনা আছে । কমল নাথে দলত কাৰ্যকৰী সভাপতিৰ পদ লাভ কৰিব পাৰে ।

kamal nath meets sonia gandhi
কমল নাথ হ'ব নেকি AICCৰ পৰৱৰ্তী সভাপতি

By

Published : Jul 15, 2021, 10:34 PM IST

নেশ্যনেল ডেস্ক,১৫ জুলাই : কংগ্ৰেছৰ বিৰুদ্ধে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ দীৰ্ঘদিনীয়া । ইফালে দলটোৰ সভাপতিৰ পদকলৈও বিভিন্ন সময়ত বিতৰ্ক দেখা গৈছে । ইফালে দলৰ ভিতৰ চ'ৰাত নতুন সভাপতি নিৰ্বাচিত কৰাকলৈও দাবী চলি আছে । আনকি শেহতীয়া নিৰ্বাচন সমূহত কংগ্ৰেছৰ ফলাফলে পুনৰবাৰ দলটোৰ এগৰাকী দায়িত্বশীল আৰু সকলোৰে পচন্দৰ সভাপতি নিয়োগ কৰিবলৈ তৃণমূল পৰ্যায়ত এক দাবীও উত্থাপন হৈছে ।

এনেবোৰ চৰ্চাৰ মাজতে এক বিশেষ খবৰে দেশত চৰ্চা লাভ কৰিছে । দলটোৰ পূৰ্ণাংগ কমিটী গঠনকলৈ জল্পনা কল্পনা চলি থকাৰ মাজতে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে (Kamal Nath) দলটোত এটা ডাঙৰ দায়িত্ব লাভ কৰিব বুলি চৰ্চা আৰম্ভ হৈছে । বৃহস্পতিবাৰে কমল নাথে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ (Sonia Gandhi) সৈতে নতুন দিল্লীৰ তেওঁৰ বাসগৃহ ১০ জনপথত (10 Janpath) এক বৈঠকত মিলিত হয় । লক্ষণীয়ভাৱে এই বৈঠকত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাও (Priyanka Gandhi Vadra) উপস্থিত আছিল ।

সূত্ৰৰ মতে, কংগ্ৰেছে শীঘ্ৰেই দলৰ নতুন সভাপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পাছত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এখন বৈঠক আহ্বান কৰাৰ সম্ভাৱনা আছে । তাৰ পিছত, আগষ্ট মাহত এআইচিচিৰ(AICC) পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হোৱাৰো আশা কৰা হৈছে । এনে পৰিপ্ৰেক্ষিতত এক চৰ্চা চলিছে যে কমল নাথে দলত কাৰ্যকৰী সভাপতিৰ পদ লাভ কৰিব পাৰে কিয়নো দলটোৰ ভিতৰত তেওঁৰ এক শক্তিশালী স্থিতি আছে ।

ইফালে কোৱা হয় যে ২৩ গৰাকী নেতাই দলটোৰ ভিতৰত সাংগঠনিক পৰিৱৰ্তনৰ দাবীত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ পত্ৰ লিখাৰ আঁৰত কমল নাথৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল । কমল নাথক গান্ধী পৰিয়ালৰ এগৰাকী ঘনিষ্ঠ সহায়ক হিচাপে গণ্য কৰা হয় । কংগ্ৰেছৰ কোষাধ্যক্ষ আহমেদ পেটেলৰ (Congress Treasurer Ahmed Patel) মৃত্যুৰ পিছত কমল নাথে দলৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আছে । কমল নাথ এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৯ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক:পুনৰ কেন্দ্ৰক উদ্দেশ্যি ৰাহুল গান্ধীৰ তীব্ৰ বাক্যবাণ

ABOUT THE AUTHOR

...view details