নেশ্যনেল ডেস্ক, ২৩ আগষ্ট: আজি পঞ্চভূতত বিলীন হ'ব উত্তৰ প্ৰদেশ(Uttar Pradesh)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙ(Kalyan Singh)ৰ নশ্বৰ দেহ । আবেলি বুলন্দচহৰৰ নাৰোৰা ঘাটত অন্ত্যেষ্টিক্ৰিয়া(Cremation) সম্পন্ন কৰা হ'ব উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ।
প্ৰয়াত নেতাগৰাকীৰ ঘনিষ্ঠ সহযোগী চন্দ্ৰপাল সিঙে(Chandrapal Singh) কয় যে, কল্যাণ সিঙে আলিগড়ক তেওঁৰ 'জন্মভূমি' আৰু বুলন্দচহৰক তেওঁৰ 'কৰ্মভূমি' বুলি গণ্য কৰি আহিছে । সেয়েহে, বুলন্দচহৰৰ দিবাইত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে । সিঙে দিবাইক তেওঁৰ 'কৰ্মভূমি' বুলি গণ্য কৰাৰ কাৰণ হৈছে তেওঁ বুলন্দচহৰৰ পৰা এবাৰ লোকসভালৈ আৰু দিবাই সমষ্টিৰ পৰা দুবাৰকৈ ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হৈছিল ।
দিবাই গংগা ঘাটৰ সমীপতে আছে । অত্ৰাউলি অলপ সময় ৰোৱাৰ পিছত দিবাইলৈ অনা হ'ব কল্যাণ সিঙৰ নশ্বৰ দেহ আৰু আবেলি ৩ বজাত শেষকৃত্য সম্পন্ন কৰা হ'ব ।
প্ৰয়াত নেতাজনৰ নশ্বৰ দেহ দেওবাৰে সন্ধিয়া লক্ষ্ণৌৰ পৰা এয়াৰ এম্বুলেন্সেৰে মহাৰাণী অহিল্যাবাঈ হোলকাৰ ষ্টেডিয়াম(Maharani Ahilyabai Holkar Stadium)লৈ অনা হৈছিল । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো(Yogi Adityanath) সেই সময়ত ষ্টেডিয়ামত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে ।