নিউজ ডেস্ক, ২৫ ডিচেম্বৰ :সোমবাৰে মোহন যাদৱ নেতৃত্বাধীন মধ্যপ্ৰদেশ চৰকাৰত বিজেপি নেতা কৈলাস বিজয়বৰ্গীয় আৰু প্ৰহ্লাদ পেটেল সিঙে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । দুয়োকে মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেলে শপত বাক্য পাঠ কৰায় ।
আনহাতে, বিজয় শ্বাহ, কৰণ সিং বাৰ্মা, ৰাকেশ সিং আৰু উদয় প্ৰতাপ সিঙেও মোহন যাদৱ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । সম্পাতিয়া উইকী, তুলসীৰাম চিলাৱত, আইদাল সিং কংসনা আৰু গোবিন্দ সিং ৰাজপুতেও মধ্যপ্ৰদেশৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।
মুঠ ২৮ গৰাকী বিজেপি নেতাই সোমবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । প্ৰধুমান সিং তোমৰ আৰু বিশ্বাস চাৰাংকে ধৰি ১৮ গৰাকী নেতায়ো কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ইয়াৰে ভিতৰত ছয়গৰাকী নেতাই ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) হিচাপে শপত গ্ৰহণ কৰে আৰু চাৰিগৰাকীয়ে ৰাজ্যিক মন্ত্ৰী হিচাপে শপত লয় ।
কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাসকল হৈছে- বিজয় শ্বাহ, কৈলাস বিজয়বৰ্গীয়, প্ৰহ্লাদ পেটেল, কৰণ সিং বাৰ্মা, ৰাকেশ সিং, উদয় প্ৰতাপ সিং, সম্পাতিয়া উইকী, তুলসীৰাম চিলাৱত, আইদাল সিং কংসনা, গোবিন্দ সিং ৰাজপুত, বিশ্বস সৰং, নিৰ্মলা ভূৰিয়া, নাৰায়ণ সিং কুশৱাহা, নাগৰ সিং চৌহান, প্ৰদ্যুম্ন সিং তোমৰ, ৰাকেশ শুক্লা, চৈতন্য কাশ্যপ আৰু ইন্দৰ সিং পাৰমাৰ ।