নিউজ ডেস্ক, ৭ জুলাই: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত জ্যোতিৰাদিত্য সিন্ধিয়াক নতুন দায়িত্ব অৰ্পণ । জ্যোতিৰাদিত্য সিন্ধিয়াক বৃহস্পতিবাৰে প্ৰদান কৰা হয় তীখা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব (Jyotiraditya Scindia take charge of Steel Ministry) । সিন্ধিয়া বৰ্তমান অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বত আছে (Scindia is currently Civil Aviation Minister) । ৰাজ্যসভাত মধ্য প্ৰদেশক প্ৰতিনিধিত্ব কৰা ৫১ বছৰীয়া সাংসদগৰাকী বৰ্তমানৰ মোডী চৰকাৰৰ তৃতীয় গৰাকী তীখা মন্ত্ৰী ।
নিজৰ মন্ত্ৰিত্বৰ আসনত বহাৰ পূৰ্বে তেওঁ জোতা খুলি ভগৱান গণেশৰ এটা মূৰ্তি উদ্যোগ ভৱনত থকা তেওঁৰ কাৰ্যালয়ৰ মেজত ৰাখে । তেওঁ তীখা সচিব সঞ্জয় কুমাৰ সিং আৰু মন্ত্ৰালয়ৰ আন জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত দায়িত্ব গ্ৰহণ কৰে (Scindia took charge in presence of Steel Secretary) । উল্লেখ্য, তেওঁ ৰাম চন্দ্ৰ প্ৰসাদ সিঙৰ উত্তৰাধিকাৰী হিচাবে এই দায়িত্ব গ্ৰহণ কৰে । ৰাম চন্দ্ৰ প্ৰসাদে তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ এদিন পূৰ্বে বুধবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰে (Ram Chandra Prasad Singh resigned Wednesday)