স্পৰ্টস ডেস্ক, 7 অক্টোবৰ:2023 চনৰ এছিয়ান গেমছত মহিলাৰ ব্যক্তিগত কম্পাউণ্ড আৰ্চাৰী ইভেণ্টত সোণৰ পদক লাভ কৰা জ্যোতি সুৰেখা ভেনামে দক্ষিণ কোৰিয়াৰ দক্ষিণ কোৰিয়াৰ চায়েৱন ছ’ক 149-145 পইন্টত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে । এছিয়ান গেমছৰ এই সংস্কৰণত এইটোৱেই আছিল খেলুৱৈগৰাকীৰ তৃতীয়টো স্বৰ্ণ পদক ।
আনহাতে, ইণ্ডোনেছিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি এই ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে আন এগৰাকী ভাৰতীয় খেলুৱৈ অদিতি গোপীচান্দ স্বামীয়ে । শনিবাৰে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ 2023 ত ভাৰতৰ অদিতি গোপীচান্দ স্বামীয়ে আৰ্চাৰী মহিলাৰ ব্যক্তিগত কম্পাউণ্ড ইভেণ্টত ইণ্ডোনেছিয়ান ৰাইথ ফাঢলীক 146-140 পইন্টত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ইয়াৰ লগতে এছিয়ান গেমছত ভাৰতৰ ব্ৰঞ্জৰ পদৰ সংখ্যা 40 টালৈ বৃদ্ধি পায় ৷
মহিলাৰ কম্পাউণ্ড ব্যক্তিগত ব্ৰঞ্জৰ প্লে অফৰ একপক্ষীয় মেচত ইণ্ডোনেছিয়াৰ ৰাইথ জিলিজাতি ফাঢলীক আউটপ্লে কৰি এছিয়ান গেমছত ভাৰতৰ হৈ অভিলেখ সৃষ্টিকাৰী নৱমটো ধনুৰ্বিদ পদক লাভ কৰে । উল্লেখ্য যে 19 সংখ্যক এছিয়ান গেমছত পদক দখলেৰে দেশলৈ সুনাম কঢ়িওৱা অদিতি স্বামীয়ে দুমাহ পূৰ্বে বাৰ্লিনত চেম্পিয়নশ্বিপ খিতাপ দখল কৰিছিল ।