নেশ্যনেল ডেস্ক, ২১ আগষ্ট: যোৱা ১৬ জুনৰ পৰা পৰ্যায়ক্ৰমে বাধ্যতামূলক কৰা হৈছে সোণৰ অলংকাৰৰ হলমাৰ্কিং । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে দেশৰ ভিন্ন প্ৰান্তৰ গহণা ব্যৱসায়ীসকলে । ২৩ আগষ্টত সমগ্ৰ দেশৰ গহণা ব্যৱসায়ীসকলে সাংকেতিক ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে । সৰ্বভাৰতীয় ৰত্ন আৰু অলংকাৰ ঘৰুৱা পৰিষদে(All India Gem and Jewellery Domestic Council) জনোৱা মতে, তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ ৰত্ন আৰু অলংকাৰ উদ্যোগৰ ৩৫০ টা সংগঠনে সমৰ্থন আগবঢ়াৱ ।
উল্লেখ্য যে, চৰকাৰে যোৱা ১৬ জুনৰ পৰা সোণৰ অলংকাৰৰ হলমাৰ্কিং বাধ্যতামূলক কৰিছে । প্ৰথমাৱস্থাত এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ বাবে ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৫৬ খন জিলাক বাছনি কৰা হৈছে । সোণৰ হলমাৰ্কিঙৰ অৰ্থ হৈছে মূল্যৱান ধাতুৰ বিশুদ্ধতাৰ প্ৰমাণপত্ৰ । চৰকাৰে বাধ্যতামূলক কৰাৰ পূৰ্বে একাংশ জুৱেলাৰে স্বেচ্ছামূলকভাৱে হলমাৰ্কিঙৰ ব্যৱস্থা হাতত লৈ আহিছিল ।
সৰ্বভাৰতীয় ৰত্ন আৰু অলংকাৰ ঘৰুৱা পৰিষদৰ অধ্যক্ষ অশোক মীনাৱালাই এক বিবৃতিযোগে জনায় যে, এদিনীয়া সাংকেতিক ধৰ্মঘট হৈছে হলমাৰ্ক ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ(Hallmark Unique identification Number)ৰ কাৰ্যকৰীকৰণৰ বিৰুদ্ধে সংস্থাটোৰ শান্তিপূৰ্ণ প্ৰতিবাদ । দানাভাই জুৱেলাৰ্ছ গ্ৰুপৰ সঞ্চালয়ক তথা চৰকাৰৰ দ্বাৰা নিযুক্ত সমিতিৰ জুৱেলাৰ্ছৰ প্ৰতিনিধি অশোক মীনাৱালাই কয় যে, জুৱেলাৰসকলে নতুন হলমাৰ্ক ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ গ্ৰহণ কৰিব নোৱাৰে ।