নেশ্যনেল ডেস্ক,24 এপ্ৰিল:শনিবাৰে পুৱা 11 বজাত ভাৰতৰ 48 তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তত্বাৱধানত জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে শপত গ্ৰহণ কৰে ৷ 26 আগষ্ট 2022 বৰ্ষত ন্যায়াধীশ ভেংকটৰমণে অৱসৰ গ্ৰহণ কৰিব ৷ প্ৰায় 16 মাহৰ বাবে মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈছে ভেংকটৰমণ ৷
এনভি ৰমনৰ জন্ম হৈছিল 1957 চনৰ 27 আগষ্টত অন্ধ্ৰ প্ৰদেশৰ পোন্নবৰম নামৰ এখন গাঁৱৰ এটা কৃষক পৰিয়ালত ৷ তেওঁ বিজ্ঞান আৰু আইনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷ পৰিয়ালটোৰ ভিতৰত তেওঁ আছিল প্ৰথম গৰাকী অধিবক্তা ৷ যাৰ বাবে তেওঁ সকলোৰে আদৰৰ আছিল ৷
আনহাতে, অসামৰিক আৰু অপৰাধীৰ গোচৰৰ পক্ষতো আছে তেওঁৰ দখল ৷ লগতে তেওঁ সংবিধান, শ্ৰম, সেৱা, আন্তঃৰাজ্যিক নদী বিবাদ আৰু নিৰ্বাচন সম্পৰ্কীয় বিষয়বোৰতো আছে দখল ৷ ৰমণক 2000 চনৰ 27 জুনত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল ৷ 2013 চনৰ 10 মাৰ্চৰ পৰা 20 মে’লৈকে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।