অসম

assam

ETV Bharat / bharat

Junior Clerk Exam Paper leaked : নিযুক্তি পৰীক্ষাৰ পাঁচ ঘন্টা পূৰ্বে ফাদিল প্ৰশ্নকাকত - গুজৰাটত নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল

গুজৰাটত কণিষ্ঠ সহায়কৰ ১১৮১ টা পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিযুক্তি পৰীক্ষা স্থগিত (GBSSB Junior Clerk exam cancelled)। প্ৰশ্নকাকত ফাদিলৰ পাচতে এই ঘোষণা গুজৰাট পঞ্চায়ত সেৱা বাছনি ব'ৰ্ডৰ । খালী পদৰ বাবে ৯ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল । ঘটনা সন্দৰ্ভত ১০ জনক গ্ৰেপ্তাৰ । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিৰোধী কংগ্ৰেছৰ ।

Junior Clerk Exam Paper leaked
গুজৰাটত নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল

By

Published : Jan 29, 2023, 11:48 AM IST

নেশ্যনেল ডেস্ক, ২৯ জানুৱাৰী :গুজৰাটত চৰকাৰী নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (Junior Clerk Exam Paper leaked in Gujarat)। এইবাৰ কণিষ্ঠ সহায়কৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল । পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৫ ঘণ্টা পূৰ্বে বিষয়টো পোহৰলৈ আহিছে । লগে লগে পৰীক্ষা বাতিল কৰে চৰকাৰে । ঘটনাক লৈ ৰাজ্যজুৰি উত্তেজনাৰ সৃষ্টি হৈছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । জানিব পৰা মতে প্ৰায় ১০ জন লোকক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে (10 arrested on Gujrat paper leak case)।

উল্লেখ্য যে, ২৯ জানুৱাৰী অৰ্থাৎ দেওবাৰে কণিষ্ঠ সহায়কৰ খালী পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা হোৱাৰ কথা আছিল । কিন্তু পৰীক্ষাৰ ৫ ঘণ্টাৰ পূৰ্বে পঞ্চায়ত বিভাগে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে কাকতখন ফাদিল হৈছে । সেয়ে কোনো প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ যাব নালাগে । লগতে গুজৰাট পঞ্চায়ত সেৱা বাছনি ব'ৰ্ডে পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰে (Recruitment exam postponed in Gujarat)। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰাৰ লগতে গুজৰাট এটিএছৰ এটা দলেও তদন্তৰ উদ্দেশ্যে আন আন ৰাজ্যলৈ গৈছে ।

জানিব পৰা মতে লিখিত পৰীক্ষাটো বিভিন্ন জিলাত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হোৱাৰ কথা আছিল । পুৱা আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত পোৱা তথ্যৰ ভিত্তিত এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰে আৰু তেওঁৰ পৰা পৰীক্ষাৰ প্ৰশ্নকাকতৰ এটা প্ৰতিলিপি উদ্ধাৰ কৰে । লগে লগে পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয় । আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ ১০ জনৰো অধিক লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে ।

জিলা আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰিছে যদিও প্ৰশ্নকাকত কেনেকৈ ফাদিল হৈছিল তাৰ কোনো তথ্য এতিয়ালৈকে জনোৱা নাই । আৰক্ষীয়ে সন্দেহ কৰিছে যে গুজৰাটৰ বাহিৰৰ পৰা এটা গ্ৰুপে এই নেটৱৰ্কটো চলাইছিল । জানিব পৰা গৈছে যে, প্ৰশ্নকাকতখন হায়দৰাবাদৰ এটা প্ৰিণ্টিং প্ৰেছৰ পৰা ফাদিল হৈছিল (GBSSB Junior Clerk Question Paper)।

গুজৰাটৰ গিৰ সোমনাথ জিলাৰ বাহিৰে সকলো জিলাতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল । যাৰ বাবে গ্ৰামাঞ্চলৰ পৰা পৰীক্ষা দিবলৈ বহুতো শিক্ষাৰ্থীয়ে আহিছিল । যিহেতু পৰীক্ষা স্থগিত ৰখা হৈছে সেয়ে প্ৰাৰ্থীসকলে গুজৰাটৰ চৰকাৰী বাছত কলিং লেটাৰ বা হল টিকটৰ ফটো দেখুৱাই বিনামূলীয়াকৈ ভ্ৰমণ কৰিব পাৰিব আৰু প্ৰাৰ্থীসকলক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি চৰকাৰে জনাইছে । ইফালে বিধায়ক ধৱলসিংহ ঝালাই এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ সৈতে জড়িত সকলোকে কঠোৰতম শাস্তি দিবলৈও চৰকাৰক অনুৰোধ জনাইছে ।

উল্লেখ্য যে, কণিষ্ঠ সহায়কৰ ১১৮১ টা পদৰ বাবে ৯ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল (Junior Clerk Recruitment Exam)। একে সময়তে, ১২২ টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত সকলো পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ধাৰা ১৪৪ জাৰি কৰা হৈছিল । শ্ৰেণীকোঠাৰ ভিতৰত প্ৰায় ৩১,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হৈছিল ।

কেৱল এয়াই নহয় গুজৰাট পঞ্চায়ত সেৱা বাছনি ব'ৰ্ডৰ সম্পাদক ভাৰত পাৰমাৰে কোৱা মতে পৰীক্ষা সমাপ্ত হোৱাৰ পাছত কাকতবোৰ সুৰক্ষিতভাৱে ৰাখিবলৈ ৪২ টা বিশেষ কোঠা প্ৰস্তুত কৰা হৈছিল । পৰীক্ষা সম্পৰ্কীয় বিভিন্ন কামৰ বাবে ৮০০০ আৰক্ষী কৰ্মচাৰীসহ ৭০,০০০ চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল । প্ৰশ্নকাকত অনা সকলো বাহনতে জিপিএছ ট্ৰেকিং ব্যৱস্থাও কৰা হৈছিল । অৱশ্যে ইমানৰ পাছতো প্ৰশ্নকাকত বাতিল হোৱাৰ পাছতে প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা গৈছে ।

প্ৰশ্নকাকত ফাদিলৰ তথ্য পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি বিৰোধী কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Congress slams Gujarat govt on paper leak case)। বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ঠায়ে ঠায়ে প্ৰতিবাদো সাব্যস্ত কৰিছে । বিজেপিয়ে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলৰ সপোন ভংগ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও কংগ্ৰেছে অভিযোগ কৰিছে । পুনৰবাৰে সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত ২০ বাৰতকৈও বেছি প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ কৰিছে কংগ্ৰেছে ।

লগতে পঢ়ক :Climate Fast of Sonam Wangchuk: গ্ৰেপ্তাৰ হ’লেও কণ্ঠ ৰুদ্ধ নকৰে সোনম ৱাংচুকে

ABOUT THE AUTHOR

...view details