অসম

assam

ETV Bharat / bharat

প্ৰতিষেধকৰ নাটনিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী - প্ৰতিষেধকৰ নাটনিকলৈ পুনৰ সৰৱ ৰাহুল গান্ধী

দেওবাৰে প্ৰতিষেধকৰ নাটনিৰ অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে টুইট কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । টুইটত নেতাগৰাকীয়ে কয় যে জুলাই মাহ শেষ হ'ল কিন্তু প্ৰতিষেধকৰ নাটনিৰ সমস্যা এতিয়ালৈ শেষ হোৱা নাই ।

vaccine shortage
প্ৰতিষেধকৰ নাটনিকলৈ পুনৰ সৰৱ ৰাহুল গান্ধী

By

Published : Aug 1, 2021, 2:31 PM IST

নেশ্যনেল ডেস্ক, ১ আগষ্ট : দেশজুৰি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত আছে । এতিয়ালৈ প্ৰায় ৪৬.২ কোটি লোকে গ্ৰহণ কৰিছে প্ৰতিষেধক । কেন্দ্ৰীয় চৰকাৰে দ্ৰুতগতিত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও তাৰ মাজতে বিভিন্ন স্থানত প্ৰতিষেধকৰ নাটনি দেখিবলৈ পোৱা গৈছে । যাৰ বাবে বিজেপি চৰকাৰৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীক সমালোচনা কৰিছে বিৰোধী দলসমূহে ।

প্ৰতিষেধকৰ নাটনিক লৈ পুনৰ বিজেপি চৰকাৰক সমালোচনা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) । দেওবাৰে প্ৰতিষেধকৰ নাটনিৰ অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে টুইট কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । টুইটত নেতাগৰাকীয়ে কয় যে, জুলাই মাহ শেষ হ'ল কিন্তু প্ৰতিষেধকৰ নাটনিৰ সমস্যা এতিয়ালৈ শেষ হোৱা নাই । ইফালে যোৱা ২ জুলাইত গান্ধীয়ে একে ধৰণে টুইট কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছিল যে জুলাই মাহ আহিছে কিন্তু ভেকচিন অহা নাই ।

দলীয় সূত্ৰই শুকুৰবাৰে সন্ধিয়া জনোৱা মতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ২৮ জুলাইত তেওঁৰ ক'ভিড টীকা গ্ৰহণ কৰিছ । যাৰ বাবে তেওঁ ২৯ জুলাই আৰু ৩০ জুলাইত সদনত উপস্থিত নাছিল ।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ২০ এপ্ৰিলত ক'ভিডত আক্ৰান্ত হৈছিল যাৰ বাবে তেওঁৰ টীকাকৰণত বিলম্ব হৈছিল । আনহাতে, ১৭ জুনত দলীয় সূত্ৰই জনোৱা মতে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে (Sonia Gandhi) নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিছে । প্ৰতিষেধকৰ নাটনিক লৈ বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাৰ সময়তে বিজেপিৰ বহু নেতাইও কংগ্ৰেছ নেতাসকলক উভতি ধৰা দেখা গৈছে ।

বিজেপি নেতা সম্বিত পাত্ৰই (Sambit Patra) এক সংবাদমেলযোগে কংগ্ৰেছ নেতৃত্বক প্ৰশ্ন কৰিছিল । কংগ্ৰেছ নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কেতিয়া ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালি গ্ৰহণ কৰিছিল সেই কথা স্পষ্ট কৰিব দিবলৈ তেওঁ আহ্বান জনাইছিল । গান্ধী পৰিয়ালে টীকাকৰণ কৰিছে নে নাই বুলিও তেওঁ প্ৰশ্ন কৰিছিল । গান্ধী পৰিয়ালে ভেকচিনত বিশ্বাস কৰে নে নকৰে সেয়া ভাৰতৰ ৰাইজে জানিব বিচাৰিছে বুলিও তেওঁ উল্লেখ কৰিছিল ।

লগতে পঢ়ক :ভাৰতৰ সভাপতিত্বত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক

ABOUT THE AUTHOR

...view details