আমাৰ ছালখন সতেজ তথা উজ্বল কৰিব ৰাখিবলৈ আমি ছালত বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰো ৷ বিশেষকৈ মহিলাসকলে নিজৰ ছালখনত বিভিন্ন ধৰণৰ ক্ৰীম, ছানস্ক্ৰীণ আদি ব্যৱহাৰ কৰে ৷ সাধাৰণতে ছালৰ যত্নৰ বাবে ক্লিনজাৰ, মইশ্ব’ৰাইজাৰ আৰু ছানস্ক্ৰীণ অন্তৰ্ভুক্ত কৰা হয় । একে সময়তে কিছুমানে ছালৰ বাবেও ছিৰাম ব্যৱহাৰ কৰে । সাধাৰণতে মানুহে ছালৰ বাবে ভিটামিন C ছিৰাম ব্যৱহাৰ কৰে ।
ই আপোনাৰ ছালখনক সূৰ্যৰ তাপৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে । ই ছালখনক UV ৰশ্মিৰ পৰাও ৰক্ষা কৰাৰ কাম কৰে । পৰামৰ্শদাতা ছালৰ বিশেষজ্ঞৰ মতে ভিটামিন C ছিৰামে ছালখনক ডাৰ্ক চাৰ্কল, বলিৰেখা আৰু ফাইন লাইনৰ পৰা ৰক্ষা কৰাৰ কাম কৰে । কিন্তু আপুনি জানেনে যে, এই ছিৰামটো আপুনিও ঘৰতে বনাব পাৰে ? হয়, আচলতে জুহি পাৰমাৰে শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ঘৰতে ভিটামিন চি তৈয়াৰ কৰিছে(TV Actress Juhi Parmar)। ঘৰতে কেনেকৈ তৈয়াৰ কৰিব পাৰি জানো আহক ।
শেহতীয়াকৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ সময়ত অভিনেত্ৰী জুহি পাৰমাৰে কয় যে, কেনেকৈ ঘৰতে উপলব্ধ উপাদানৰে ভিটামিন C ছিৰাম তৈয়াৰ কৰিব পাৰি । ইয়াৰ বাবে কমলাৰ বাকলি, গোলাপৰ পানী, এলোভেৰা জেল গ্লিচাৰিন আৰু ভিটামিন E কেপচুলৰ প্ৰয়োজন হ’ব । প্ৰথমে কমলাৰ বাকলি আৰু গোলাপৰ পানী এটা গ্ৰাইণ্ডাৰত পিচি লওক(Vitamin C Benefits) । ইয়াৰ পিছত বাকী উপাদানখিনি তাত মিহলাই লওক । সকলো বস্তু মিহলাই মুখত লগাব । জুহীয়ে এই ছিৰামখিনি ফ্ৰীজত থৈ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে(Skin Care Routine) । এসপ্তাহলৈকে এই ছিৰাম ব্যৱহাৰ কৰিব পাৰে । এই ছিৰাম ডিঙি আৰু মুখমণ্ডলত লগালে ই আপোনাৰ মুখত উজ্বলতা বৃদ্ধি কৰিব ।