নিউজ ডেস্ক, 20 অক্টোবৰ : পাটিয়ালা হাউছ কোৰ্টে নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইচ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা ২৫ অক্টোবৰলৈ বৃদ্ধি কৰিছে । পুৰকায়স্থ আৰু এইচ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক যোৱা ২ অক্টোবৰত ইডিয়ে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল । দুয়োজনে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি গ্ৰেপ্তাৰৰ ভিত্তি প্ৰকাশ নকৰাক প্ৰত্যাহ্বান জনাইছিল যদিও উচ্চ ন্যায়ালয়ে নাকচ কৰে ৷
নিউজক্লিকৰ সৈতে জড়িত সাংবাদিকৰ ঘৰত অভিযান চলাই দীৰ্ঘদিনীয়া জেৰা চলায় ইডিয়ে । ইয়াৰ উপৰিও দক্ষিণ দিল্লী অঞ্চলত অৱস্থিত নিউজ ক্লিকৰ কাৰ্যালয়টোও ছীল কৰা হয় ৷ চীনৰ পৰা ধন লৈ ভাৰত বিৰোধী এজেণ্ডা চলোৱাৰ অভিযোগত প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ ইডিৰ গ্ৰেপ্তাৰৰ পিছত পাটিয়ালা হাউছ কোৰ্টে দুয়োকে সাত দিনৰ ইডি ৰিমাণ্ডত প্ৰেৰণ কৰিছিল ৷ তেতিয়াৰ পৰা দুয়োজনেই ন্যায়িক জিম্মাত আছে ৷