অসম

assam

ETV Bharat / bharat

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ দাক্ষিণাত্যৰ জনপ্ৰিয় তাৰকা কনিষ্ঠ এন টি আৰৰ - তেলেগু দেশম পাৰ্টি

মুনুগোডুত ৰাজহুৱা সভা সমাপ্ত কৰিয়েই হায়দৰাবাদত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shan in Hyderabad)৷ তেলেগু দেশম পাৰ্টিৰ (টিডিপি) প্ৰতিষ্ঠাপক এন টি ৰামা ৰাওৰ নাতি দাক্ষিণাত্যৰ জনপ্ৰিয়া তাৰকা জুনিয়ৰ এন টি আৰক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Junior NTR met Union Home Minister Amit Shah)৷

Etv BharatJr NTR has Met Amit Shah in Hyderabad
Etv BharatJr NTR has Met Amit Shah in Hyderabad

By

Published : Aug 22, 2022, 11:28 AM IST

Updated : Aug 22, 2022, 12:12 PM IST

নেশ্যনেল ডেস্ক, 22 আগষ্ট:তেলেংগানাৰ উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুনুগোডুত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shan in Hyderabad)৷ মুনুগোডুত ৰাজহুৱা সভাখন সমাপ্ত কৰিয়েই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিশা ১০.২৬ বজাত শ্মছাবাদ বিমানবন্দৰৰ পৰা গৈ নোভাটেল হোটেলত উপস্থিত হয় (Amit Shah visited Telangana)৷

ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেলেগু দেশম পাৰ্টিৰ (টিডিপি) প্ৰতিষ্ঠাপক এন টি ৰামা ৰাওৰ নাতি তথা দাক্ষিণাত্যৰ জনপ্ৰিয়া তাৰকা জুনিয়ৰ এন টি আৰক সাক্ষাৎ কৰে (Junior NTR met Union Home Minister Amit Shah)৷ অভিনেতাগৰাকীক এটা ফুলৰ থোপাৰে মন্ত্ৰীগৰাকীয়ে আদৰণি জনায় (Jr NTR has Met Amit Shah in Hyderabad)৷ অভিনেতাগৰাকীয়েও গৃহমন্ত্ৰী শ্বাহক পৰাম্পৰাগত এখন শ্বলেৰে আদৰণি জনায় ৷ গৃহমন্ত্ৰী শ্বাহৰ লগত অভিনেতাগৰাকীয়ে প্ৰায় 45 মিনিট সাক্ষাৎ কৰে ৷ দুয়োগৰাকী মাজত হোৱা প্ৰায় 20 মিনিটৰ বৈঠকত সেই স্থানত কাকো থাকিবলৈ দিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷

এই বৈঠক সমাপ্ত হোৱাৰ পিছতে কনিষ্ঠ এন টি আৰ, কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী, টাৰুনচুগ আৰু বান্দি সঞ্জয়ে গৃহমন্ত্ৰী শ্বাহৰ লগত একেলগে নৈশ আহাৰ গ্ৰহণ কৰিছিল ৷

অমিত শ্বাহে কনিষ্ঠ এন টি আৰৰ সৈতে বৈঠকত জ্যেষ্ঠ এনটিআৰৰ কথা উল্লেখ কৰিছিল ৷ জ্যেষ্ঠ এনটিআৰ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতেই অমিত শ্বাহে এন টি আৰৰ অভিনীত ছবি বিশ্বামিত্ৰা আৰু দানাবীৰাসুৰ কৰ্ণ চাইছিল ৷ সেই ছবি দুখন চোৱাৰ পিছত এন টি আৰৰ অনুৰাগী হৈ পৰিছিল শ্বাহ ৷

অমিত শ্বাহে টুইটাৰত কনিষ্ঠ এন টি আৰৰ সৈতে হোৱা বৈঠকৰ ফটো প্ৰকাশ কৰি উল্লেখ কৰে, "আজি হায়দৰাবাদত জুনিয়ৰ এনটিআৰৰ সৈতে কথা পাতি বৰ আনন্দিত হলো ৷ তেওঁ এগৰাকী অতি প্ৰতিভাশালী অভিনেতা আৰু দাক্ষিণাত্য চলচ্চিত্ৰৰ জনপ্ৰিয় তাৰকা ৷"

উল্লেখ্য যে আগষ্টৰ 2 তাৰিখে মুনুগোডেৰ কংগ্ৰেছৰ বিধায়ক কোমাটিৰেড্ডী ৰাজ গোপাল ৰেড্ডীয়ে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ লগতে কংগ্ৰেছ দল ত্যাগ কৰে । মুনুগোডেৰ এই ৰাজহুৱা সভাতে অমিত শ্বাহে ৰেড্ডীক আনুষ্ঠানিকভাৱে বিজেপিৰ সদস্য বুলি পৰিচয় কৰায় দিয়ে ৷

লগতে পঢ়ক:যোগীক শিৰচ্ছেদ কৰিব পাৰিলে দুই কোটি টকাৰ পুৰস্কাৰ ঘোষণা

Last Updated : Aug 22, 2022, 12:12 PM IST

ABOUT THE AUTHOR

...view details