নিউজ ডেস্ক, ১ জুন : আগন্তুক সংসদৰ বৰ্ষাকালীন অধিবেশনত চৰকাৰক আক্ৰমণ কৰিবলৈ সকলো প্ৰকাৰে সাজু হৈছে বিৰোধী (monsoon session of parliament) । বৃহস্পতিবাৰে এই সন্দৰ্ভত এক পূৰ্বাভাস প্ৰদান কৰে কংগ্ৰেছে । যাৰ ফলত এটা কথা পৰিলক্ষিত হৈছে যে কংগ্ৰেছৰ সৈতে ঐক্যবদ্ধ বিৰোধী আৰু মোদী চৰকাৰৰ মাজত সংঘৰ্ষৰ এক নতুন মঞ্চ তৈয়াৰ হৈছে । লগতে কোৱা হৈছে যে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিবেশনৰ মূল দাবী হ'ব আদানি বিষয়ত যুটীয়া সংসদীয় সমিতি গঠন আৰু তাৰ দ্বাৰা তদন্ত (Joint Parliamentary Committee on Adani issue) ।
উল্লেখ্য, কংগ্ৰেছে সংসদৰ পূৰ্বৱৰ্তী বাজেট অধিবেশনত ১৯ টা সমভাবাপন্ন দলৰ নেতৃত্ব প্ৰদান কৰিছিল । তাৰ দ্বাৰা আদানি বিষয়ত চৰকাৰক থকাসৰকা কৰিবলৈ সক্ষম হৈছিল । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পিছত এই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিছিল (Rahul Gandhi attacked PM Narendra Modi) । কিন্তু তেওঁৰ ভাষণ লোকসভাৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হয় । কংগ্ৰেছে পিচত অভিযোগ কৰে যে ৰাহুলে প্ৰধানমন্ত্ৰীক কঠোৰ প্ৰশ্ন সোধাৰ বাবেই প্ৰধানমন্ত্ৰীৰ মোদী উপাধি সম্পৰ্কীয় ২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত চুৰাট আদালতে তেওঁক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰোৱা হৈছিল (oppositions demanding JPC on Adani issue) ।
কংগ্ৰেছে লগতে অভিযোগ কৰে যে ২৩ মাৰ্চত যিটো গতিত ৰায়টো প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ৰাহুলক ২৪ মাৰ্চত লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল, তাৰ দ্বাৰা এইটো প্ৰতীয়মান হয় যে বিজেপিয়ে প্ৰতিশোধমূলক ৰাজনীতি প্ৰদৰ্শন কৰিছিল । "আমি সকলোৱে আদানি সমস্যাৰ জেপিচি তদন্তৰ দাবীত একত্ৰিত হৈছোঁ । সকলো বিৰোধী দলে একেলগে এই দাবী উত্থাপন কৰিব । দৰাচলতে এইটো এতিয়া আদানি গ্ৰুপৰ বিষয় হৈ থকা নাই, ই মোদানি বিষয় হৈ পৰিছে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বন্ধু গৌতম আদানিৰ পক্ষ লৈছে আৰু কেৱল এটা জেপিচিয়েহে প্ৰধানমন্ত্ৰী মোদী আৰু আদানি গ্ৰুপৰ মাজৰ সম্পৰ্কৰ তদন্ত কৰিব পাৰে ।" কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত নেতা জয়ৰাম ৰমেশে এনেদৰে কয় ।