নেশ্যনেল ডেস্ক,২৩ জুন :বিহাৰৰ পাটনাত অনুষ্ঠিত হৈছে বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক । দেশৰ প্ৰায় ১৮ টাকৈ বিজেপি বিৰোধী দলে এই বৈঠকত অংশগ্ৰহণ কৰিছে । সকলোৰে লক্ষ্য এটাই ২০২৪ত বিজেপিক প্ৰত্যাহ্বান জনোৱা আৰু পৰাস্ত কৰা । ইফালে এই বৈঠকক লৈ বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে শাসকীয় বিজেপিয়ে । বিজেপিৰ বহু নেতাই বিৰোধী দল বিশেষকৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ।
বিজেপি সভাপতি জে পি নাড্ডাইও শুকুৰবাৰে পাটনাত চলি থকা বিৰোধী বৈঠকখনক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কাৰাগাৰলৈ পঠিওৱা নেতাসকলে এতিয়া তেওঁৰ নাতি ৰাহুল গান্ধীক আদৰণি জনাইছে ।
উল্লেখ্য যে বিৰোধী দলসমূহৰ বৈঠকখন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০২৪ চনৰ লোকসভাত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে এক ঐক্যবদ্ধ বিকল্প গঠন কৰিবলৈ আহ্বান জনাইছিল । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, এনচিপিৰ সভাপতি শৰদ পাৱাৰ, এছপি নেতা অখিলেশ যাদৱ, শিৱসেনা (ইউবিটি)ৰ সভাপতি উদ্ধৱ ঠাকৰে, তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকে নেতা এম কে ষ্টেলিন, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ লগতে অন্যান্য নেতাসকলেও বৈঠকত অংশগ্ৰহণ কৰিছে ।