নেশ্যনেল ডেস্ক, ১ মাৰ্চ: ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰসাদ নাড্ডা দুদিনীয়া ভ্ৰমণসূচীৰে বাৰাণসীলৈ গৈছে । সোমবাৰে পুৱাই তেওঁ কাশী বিশ্বনাথ মন্দিৰত সেৱা জনায় । পিছত তেওঁ কাল ভৈৰৱ মন্দিৰো দৰ্শন কৰে । উক্ত সময়ত নাড্ডাৰ সৈতে আছিল বিজেপিৰ উত্তৰ প্ৰদেশৰ সভাপতি স্বতন্ত্ৰ দেৱ সিং । আবেলি ৪.৪৫ বজাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে বাৰাণসীৰ ৰোহনীয়াত দলৰ নৱনিৰ্মিত আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰে ।
সন্ধিয়া ৭ বজাত নাড্ডাই বাৰাণসীৰ নাৰিয়া বি এইছ ইউৰ সমীপৰ চৌধুৰী ল'নছত বিভিন্ন ক্ষেত্ৰৰ সামাজিক কামৰ সৈতে জড়িত সমাজ কৰ্মীৰ সৈতে মত-বিনিময় কৰিব । ২০২২ চনত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন হোৱাৰ কথা আছে । ৰাজ্যখনত ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দলটো ক্ষমতালৈ আহিছিল । উত্তৰ প্ৰদেশ বিধানসভাত মুঠ ৪০৩ জন সদস্য আছে । ইয়াৰে মুখ্য দলবোৰৰ ভিতৰত বিজেপিৰ ৩০৯ জন বিধায়ক, এছ পিৰ ৪৯, বিএছপিৰ ১৮ আৰু কংগ্ৰেছৰ ৭ জন বিধায়ক আছে ।