নেশ্যনেল ডেস্ক,১৭ মে': বঙালী নিউজ চেনেল "জি ২৪ ঘণ্টা"ৰ মুখ্য সম্পাদক অঞ্জন বন্দোপাধ্যায়ৰ দেহাৱসান । ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হয় ৫৬ বছৰীয়া সাংবাদিক গৰাকীৰ । দেওবাৰে নিশা প্ৰায় ৯.২৫ বজাত কলকাতাৰ ই এম বাইপাছৰ সমীপৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । অঞ্জনে বন্দোপাধ্যায়ে আনন্দ বজাৰ পত্ৰিকাৰ সৈতে জড়িত হৈ সংবাদ ক্ষেত্ৰত নিজৰ যাত্ৰা আৰম্ভ কৰিছিল ।
পিছত তেওঁ জি গ্ৰুপৰ সৈতে বহু বছৰ কাম কৰে । ইটিভি বাংলা আৰু আনন্দ বজাৰ গ্ৰুপৰ ডিজিটেল শাখাৰ সৈতেও তেওঁ কাম কৰিছিল । শেহতীয়াকৈ তেওঁ পুনৰ জি গ্ৰুপৰ সৈতে জড়িত হৈছিল । জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সংবাদ জগতত ।