নেশ্যনেল ডেস্ক, 23 আগষ্ট:হোৱাইট হাউছে মঙলবাৰে ঘোষণা কৰে যে, অহা মাহত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ অৱ 20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে ৷ হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কয় যে, বৈঠক আৰু সন্মিলনত নেতাসকলৰ সৈতে বাইডেনৰ আলোচনাৰ মূল বিষয় হ’ব জলবায়ু পৰিৱৰ্তন, ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ লগতে বহুতো ।
ৰাষ্ট্ৰপতিগৰাকীয়ে কোনজন নেতাৰ সৈতে ব্যক্তিগত বৈঠকত মিলিত হ’ব সেয়া হোৱাইট হাউছে বৰ্তমানেও জনোৱা নাই যদিও বৈঠকত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা আগশাৰীৰ বিশ্ব অৰ্থনীতিৰ বিষয়াসকলৰ ভিতৰত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ছৌদি আৰৱৰ শীৰ্ষ প্ৰিন্স মহম্মদ বিন ছালমান অন্যতম বুলি জানিব পৰা গৈছে । স্বচ্ছ শক্তি পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ ফলত অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে ৷