নিউজ ডেস্ক, ৭ জুন : মঙলবাৰে নিশা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (Jawaharlal Nehru University) চৌহদত দুগৰাকী ছাত্ৰীক এখন গাড়ীৰে অপহৰণৰ চেষ্টা কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এই ক্ষেত্ৰত ভুক্তভোগী শিক্ষাৰ্থীসকলে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে (kidnapping allegation in JNU premises) । আৰক্ষী উপায়ুক্তই (দক্ষিণ-পশ্চিম দিল্লী) জনোৱা মতে, ঘটনা সন্দৰ্ভত দুখন এজাহাৰ দাখিল কৰা হৈছে । এগৰাকী শিক্ষাৰ্থীয়ে আক্ৰমণৰ অভিযোগ দাখিল কৰিছে । আনহাতে, আনগৰাকী ছাত্ৰীয়ে উৎপীড়ন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ দাখিল কৰিছে । এই ক্ষেত্ৰত দুখন পৃথক এফআইআৰ পঞ্জীয়ন কৰা হৈছে বুলি ডিচিপিয়ে কয় । দুয়োটা ঘটনাতে অভিযুক্ত আৰু বাহন একে বুলি চিনাক্ত কৰা হৈছে । ঘটনাৰ তদন্ত আৰম্ভ হৈছে (JNU Kidnapping Case) ।
এবিভিপিৰ (ABVP) মতে, ছাত্ৰী দুগৰাকীয়ে নিশা প্ৰায় ১ বজাত বিশ্ববিদ্যালয় চৌহদৰ এটা ৰাস্তাত খোজকাঢ়ি আছিল । তেনেতে হাৰিয়ানাৰ পঞ্জীয়ন নম্বৰৰ এখন বগা ছুইফ্ট ডিজায়াৰ গাড়ীত থকা দুই-তিনিজনমান যুৱকে ছাত্ৰী দুগৰাকীক গাড়ীখনলৈ টানি নিয়াৰ চেষ্টা কৰে । অৱশ্যে তেওঁলোকৰ প্ৰতিবাদ তথা বাধাৰ বাবে অপহৰণ কৰাত সফল হ'ব নোৱাৰিলে । তাৰ পিছত দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । এবিভিপিয়ে অভিযোগ কৰিছে যে গাড়ীখন প্ৰায়ে বিশ্ববিদ্যালয় চৌহদত দেখা যায় ।