অসম

assam

ETV Bharat / bharat

TV artist killed in Budgam : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত এগৰাকী মহিলা - বুদগামত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ

জম্মু-কাশ্মীৰৰ বুদগামত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ । আক্ৰমণত এগৰাকী মহিলা নিহত (Woman shot dead by terrorists in Budgam)। আক্ৰমণত ১০ বছৰীয়া কিশোৰ এজনো আঘাতপ্ৰাপ্ত । ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত আৰক্ষী, নিৰাপত্তা বাহিনীৰ অনুসন্ধান আৰম্ভ ।

TV artist killed in Budgam
সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

By

Published : May 26, 2022, 2:04 PM IST

নেশ্যনেল ডেস্ক,২৬ মে' :জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে (Operation against militants in Jammu and Kashmir)। কিন্তু ইয়াৰ মাজতে বুদগাম জিলাৰ চাদুৰা অঞ্চলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা (Woman shot dead by militants in Budgam)। ঘটনাত এজন কিশোৰো আহত হোৱাৰ খবৰ পোৱা গৈছে ।

মৃত মহিলাগৰাকী এটা টেলিভিচনত কৰ্মৰত আমৰিন ভাট বুলি চিনাক্ত হৈছে । ইফালে এই আক্ৰমণত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT)ৰ তিনি সদস্য জড়িত থকাৰ সন্দেহ কৰা হৈছে । ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ জিলাখনত । আৰক্ষী, নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে নিশা প্ৰায় ৭.৫৫ বজাত এই ঘটনাটো সংঘটিত হৈছে । খাজিৰ মহম্মদ নামৰ লোকজনৰ কন্যা আমৰিন ভাটৰ বাসগৃহত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে । আমৰিনৰ ঘৰত লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰে ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী । লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃত্যু হয় । আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীৰ সৈতে থকা ১০ বছৰীয়া ভতিজাকৰ বাহুতো গুলী লাগে ।

ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলটো আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ৰাখে । লগতে এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

জানিব পৰা মতে এদিন পূৰ্বে শ্ৰীনগৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল । এগৰাকী আৰক্ষী বিষয়াৰ ঘৰৰ বাহিৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে । ফলত আৰক্ষী বিষয়াগৰাকী নিহত হয় আৰু তেওঁৰ ৭ বছৰীয়া কন্যা আহত হয় ।

ইফালে জম্মু-কাশ্মীৰৰ বহু অঞ্চলত শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বহু স্থানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এনকাউণ্টাৰ অব্যাহত ৰাখিছে । এনকাউণ্টাৰবোৰত বহুকেইটা সন্ত্ৰাসবাদী নিহত হোৱাও দেখা গৈছে । কিন্তু তাৰ পাছতো এনেদৰে সাধাৰণ লোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাত এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Jammu tunnel collapse : তদন্তৰ বাবে গঠন তিনিজনীয়া সমিতি

For All Latest Updates

ABOUT THE AUTHOR

...view details