নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান(কাৰাগাৰ) হেমন্ত লোহিয়াক তেখেতৰ বাসভৱনতে হত্যা কৰা হৈছে (Jammu and Kashmir DG Hemant Lohia dead) । ইফালে এইচ কে লোহিয়াৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন টি আৰ এফে । অৱশ্যে তেওঁৰ বাসভৱনত থকা ঘৰুৱা সহায়কজনক এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ কৰা হৈছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰদান কৰিছে এই তথ্য ।
জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে ইয়াক অতি দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰিছে (Hemant lohia murder in jammu kashmir)। ইতিমধ্যে পলাতক অৱস্থাত থকা জছিৰ নামৰ ঘৰুৱা সহায়কজনক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰা বুলিও সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে ।
সিঙে জনোৱা অনুসৰি, ৫৭ বছৰীয়া লোহিয়াক হত্যাৰ পিছত মৃতদেহটো জ্বলাই দিবলৈ চেষ্টা কৰিছিল হত্যাকাৰীয়ে (JK DG Jail Hemant Lohia kill)। উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্টত লোহিয়াক পদোন্নতিৰ সৈতে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ কাৰাগাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল ।
জম্মু অঞ্চলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জনোৱা অনুসৰি, মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ উদয়ৱালাস্থিত বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা ১৯৯২ বেটচৰ আই পি এছ বিষয়া লোহিয়াৰ (৫২) ডিঙিত আঘাতৰ চিন পোৱাৰ লগতে তেখেতৰ শৰীৰতো জ্বলাৰ দাগ পোৱা গৈছে ।