নেশ্যনেল ডেস্ক, 7 জুলাই: সন্ত্ৰাবাদী সমস্যাৰে জৰ্জৰিত এক অঞ্চল জম্মু কাশ্মীৰ (JK established decisive domination over terrorism)৷ বিগত সময়ত সন্ত্ৰাসবাদীৰ দপদপনি চলা এই ৰাজ্যখনত ক্ৰমাৎ শক্তিশালী হৈছে সেনা বাহিনী ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শ্ৰীনগৰত সোনাৱাৰত দাৰ্শনিক আৰু সমাজ সংস্কাৰক ৰামানুজাচাৰ্যৰ 'শান্তিৰ মূৰ্তি' উন্মোচনী অনুষ্ঠানত অংশগ্ৰণ কৰি ভাষণ প্ৰসংগত এইদৰে কয় ৷
অনুষ্ঠানটোত প্ৰদান কৰা ভাষণত জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাক প্ৰশংসা কৰি শ্বাহে কয় যে বিজেপি চৰকাৰৰ নেতৃত্বত প্ৰশাসনে কেন্দ্ৰীয় শাসিত অঞ্চলটোত সন্ত্ৰাসবাদক দমন কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান সময়ত অঞ্চলটোত সন্ত্ৰাসবাদৰ পৰিৱৰ্তে সেনাৰ আধিপত্য চলে বুলি দাবী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷
জম্মু কাশ্মীৰত নতুনকৈ নিৰ্মাণ কৰা এই চাৰি ফুট ওখ মূৰ্তিটোত ৰামানুজাচাৰ্যক হাত জোৰ কৰি বহি থকা দেখুওৱা হৈছে ৷ বগা গ্ৰেনাইটৰ পৰা খোদিত 600 কিলোগ্ৰামৰ মূৰ্তিটো মাটিৰ পৰা তিনি ফুট ওপৰত নিৰ্মাণ কৰা হৈছে ৷ স্বামী ৰামানুজাচাৰ্যই ব্ৰহ্ম সূত্ৰৰ গ্ৰন্থ 'বোদয়না বৃতি' নামৰ এক গুৰুত্বপূৰ্ণ পাণ্ডুলিপি ক্ৰয় কৰিবলৈ কাশ্মীৰ ভ্ৰমণ কৰিছিল ৷