অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 249 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা - জিলা উন্নয়ন পৰিষদ

জম্মু-কাশ্মীৰৰ 34 টা উন্নয়ন পৰিষদীয় সমষ্টিৰ ভিতৰত 17 টা জম্মু-কাশ্মীৰৰ ক্ষেত্ৰভূমিত অন্তৰ্ভুক্ত ৷ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুঠ 280 টা জিলা উন্নয়ন পৰিষদীয় সমষ্টিৰ ভিতৰত 34 টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ আছে ৷ মুঠ 249 গৰাকী প্ৰাৰ্থীৰ সমৰ্থনত ভোটদান কৰিব জম্মু-কাশ্মীৰবাসীয়ে ৷

4th phase election of ddc in jk
জম্মু-কাশ্মীৰৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন

By

Published : Dec 7, 2020, 9:46 AM IST

Updated : Dec 7, 2020, 10:18 AM IST

নিউজ ডেস্ক,7 ডিচেম্বৰ : জম্মু-কাশ্মীৰত অব্যাহত আছে জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন ৷ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ 34 টা উন্নয়ন পৰিষদীয় সমষ্টিৰ ভিতৰত 17 টা জম্মু-কাশ্মীৰৰ ক্ষেত্ৰভূমিত অন্তৰ্ভুক্ত হৈ আছে ৷ ইয়াৰ ভিতৰত 50 খন আসন চৰপঞ্চ আৰু 216 খন আসন পঞ্চৰ বাবে সংৰক্ষণ কৰা হৈছে ৷

সোমবাৰৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুঠ 280 টা জিলা উন্নয়ন পৰিষদীয় সমষ্টিৰ ভিতৰত 34 টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ আছে ৷ আনহাতে কাশ্মীৰ এলেকাৰ 17 টা সমষ্টিত এই নিৰ্বাচন অনুষ্ঠিত হৈছে, য’ত 138 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 48 গৰাকী মহিলা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈ আছে ৷ জম্মু এলেকাৰ 17 টা সমষ্টিত 111 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে, য’ত 34 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷

জম্মু-কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ চতুৰ্থ পৰ্যায়ৰ এই নিৰ্বাচনত মুঠ 7,17,322 গৰাকী ভোটাৰে নিজৰ ভোট সাব্যস্ত কৰিব ৷ ইয়াৰ ভিতৰত 3,76,797 গৰাকী পুৰুষ ভোটাৰ আৰু 3,40,525 গৰাকী মহিলা ভোটাৰ অন্তৰ্ভুক্ত হৈ আছে ৷

এইবেলি ক’ভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কলৰ মাজেৰে অনুষ্ঠিত কৰা হৈছে নিৰ্বাচন ৷ আনহাতে কাশ্মীৰৰ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে জম্মুৰ গান্ধীনগৰ মহিলা মহাবিদ্য়ালয় আৰু উধামপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদানৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ প্ৰকাশ ঝাৰ

Last Updated : Dec 7, 2020, 10:18 AM IST

ABOUT THE AUTHOR

...view details