নিউজ ডেস্ক, ২২ আগষ্ট :জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ এখন আদালতে মঙলবাৰে ২০১৪ চনৰ শ্ৰীনগৰ এচিড আক্ৰমণৰ গোচৰত দুজন এচিড আক্ৰমণৰ দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে । লগতে আক্ৰমণটোক 'ভয়ংকৰ' বুলি অভিহিত কৰে । আদালতে জম্মু-কাশ্মীৰ ভুক্তভোগী ক্ষতিপূৰণ আঁচনি, ২০১৯-ৰ অধীনত ভুক্তভোগীক সৰ্বাধিক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ জম্মু-কাশ্মীৰ আইনী সেৱা কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে ।
উল্লেখ্য যে ২০১৪ চনৰ ১১ ডিচেম্বৰত শ্ৰীনগৰৰ নৌচেৰাত এগৰাকী ২০ বছৰীয়া আইনৰ শিক্ষাৰ্থীৰ ওপৰত এচিড নিক্ষেপ কৰাৰ 'ভয়ংকৰ' গোচৰত অভিযুক্ত ইৰশাদ আমিন ৱানী আৰু উমেৰ নুৰক দোষী সাব্যস্ত কৰিছিল । ইয়াৰে ছয় দিন পিছত প্ৰধান জিলা আৰু সত্ৰ আদালত শ্ৰীনগৰৰ ন্যায়াধীশ জাৱাদ আহমেদে শাস্তিৰ পৰিমাণ ঘোষণা কৰিছিল । উক্ত ৰায়ৰ আদেশত প্ৰধান জিলা আৰু সত্ৰ ন্যায়াধীশে দোষীসকলক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০-বিৰ অধীনত দণ্ডনীয় অপৰাধৰ বাবে ১০ বছৰৰ কাৰাদণ্ড আৰু ২৫,০০০ টকাৰ জৰিমনা বিহে । লগতে কয় যে উক্ত জৰিমনা পৰিশোধ নকৰিলে তেওঁলোকক এবছৰৰ বাবে অতিৰিক্ত কাৰাদণ্ড দিয়া হ'ব ।