নেশ্যনেল ডেস্ক, 5জুলাই: জম্মুৰ বায়ু সেনা কেন্দ্ৰত সন্দেহজনক ড্ৰোণ আক্ৰমণৰ পাচতে জম্মু আৰু কাশ্মীৰ প্ৰশাসনে শ্ৰীনগৰত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে ৷ দেওবাৰে এক নিৰ্দেশ জাৰি কৰি জিলা দণ্ডাধীশে আৰক্ষীক এই নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ লগতে ড্ৰোণ সম্পৰ্কীয় কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
এই নিষেধাজ্ঞা সম্পৰ্কত জানিবলৈ দি জিলা দণ্ডাধীশ মহম্মদ এইজাজে কয় যে, জিলাখনৰ আঞ্চলিক অধিকাৰ ক্ষেত্ৰ(territorial jurisdiction)ত ড্ৰোণৰ বিক্ৰী, ব্যৱহাৰ আৰু পৰিবহন নিষিদ্ধ কৰাৰ হৈছে ৷ প্ৰশাসনৰ নিৰ্দেশ অনুসৰি কোনো লোকেই নিজৰ লগত ড্ৰোণ বা তেনে ধৰণৰ কোনো মানৱবিহীন যন্ত্ৰ লগত ৰাখিব নোৱাৰিব ৷
তেওঁ কয় যে, গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান তথা উচ্চ জনবসতিপূৰ্ণ অঞ্চলসমূহৰ ওচৰত আকাশী স্থান সুৰক্ষিত কৰাৰ বাবে লগতে জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ যিকোনো আশংকা দূৰ কৰিবলৈ সকলো ধৰণৰ সামাজিক আৰু সাংস্কৃতিক সমাৱেশত ড্ৰোণৰ ব্যৱহাৰ বন্ধ কৰাটো অতি প্ৰয়োজনীয় ৷ নিৰ্দেশনাটোত কোৱা হৈছে যে, "গোপনীয়তা ভংগ, উপদ্ৰৱ আৰু অনধিকাৰ প্ৰৱেশৰ উদ্বেগৰ উপৰিও নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীনগৰৰ ক্ষেত্ৰীয় অধিকাৰক্ষেত্ৰৰ ভিতৰত আকাশত মানৱবিহীন বিমান বাহন ঘূৰিবলৈ অনুমতি দিয়াটো যথেষ্ট বিপদজনক ৷"