নিউজ ডেস্ক, 21 এপ্ৰিল :গুজৰাটৰ বিধায়ক তিনি দিনৰ আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী ৷ জিগনেশৰ জামিন আৱেদন খাৰিজ কৰিলে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে (three days police custody for Jignesh mevani) ৷ জিগনেশ মেৱানীক চৈধ্য দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে, কিন্তু আদালতে তিনিদিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে জিগনেশ মেৱানীক ৷
উল্লেখযোগ্য যে, অসম আৰক্ষীয়ে এক বিতৰ্কিত টুইটক কেন্দ্ৰ কৰি গুজৰাট বিধানসভাৰ সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে বিধায়কগৰাকীক কঠোৰ নিৰাপত্তাৰ মাজেৰে কোকৰাঝাৰ সদৰ থানালৈ লৈ আহে । কোকৰাঝাৰলৈ লৈ অহাৰ পিছত আৰক্ষীয়ে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় বিধায়ক জিগনেশ মেৱানীক । আৰক্ষীয়ে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিধায়কগৰাকীক হাজিৰ কৰোৱাত বিধায়কগৰাকীৰ জামিন মঞ্জুৰ কৰিবলৈ তেওঁৰ অধিবক্তাই আদালতত আৱেদন দাখিল কৰে যদিও আদালতে জামিন আৱেদন খাৰিজ কৰে (bail petition of Jignesh Mevani rejected) ।