অসম

assam

ETV Bharat / bharat

লালু প্ৰসাদ যাদৱৰ জামিন আবেদনৰ শুনানি স্থগিত - ঝাৰখণ্ড উচ্চ ন্যায়ালয়

5 ফেব্ৰুৱাৰীলৈকে লালুপ্ৰসাদ যাদৱৰ জামিন আবেদনৰ শুনানি স্থগিত ৰাখিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ৷ পশুখাদ্য কেলেংকাৰী সম্পৰ্কীয় এটা গোচৰ সন্দৰ্ভত বৰ্তমান কাৰাবন্দী হৈ আছে বিহাৰৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীয়ে ৷ বৰ্তমান শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসাধীন অৱস্থাত আছে লালুপ্ৰসাদ যাদৱ ৷

jharkhand-hc-defers-to-feb-5-hearing-on-lalu-yadavs-bail-plea
লালু প্ৰসাদ যাদৱৰ জামিন আবেদনৰ শুনানি স্থগিত

By

Published : Jan 29, 2021, 6:19 PM IST

নিউজ ডেস্ক,29 জানুৱাৰী: পুনৰ লালুপ্ৰসাদ যাদৱৰ জামিন আবেদনৰ শুনানি স্থগিত ৰাখিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ৷ পশুখাদ্য কেলেংকাৰী সম্পৰ্কীয় এটা গোচৰ সন্দৰ্ভত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে দাখিল কৰা জামিন আবেদনৰ শুনানি আগন্তুক 5 ফেব্ৰুৱাৰীলৈকে স্থগিত ৰাখিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ৷ গোচৰটোৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি 6 ফেব্ৰুৱাৰীত হ'ব জনাইছে ন্যায়ালয়ে ৷ শুনানি স্থগিত ৰখা সন্দৰ্ভত লালু যাদৱৰ অধিবক্তা প্ৰভাত কুমাৰে ইটিভি ভাৰতক জনায় যে, যাদৱক বৃক্ক সম্পৰ্কীয় কিছু ৰোগ হোৱাৰ পিছত ৰাজ্যিক চিকিৎসা পৰিষদৰ পৰামৰ্শত ৰাঁচীৰ ৰাজেন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (আৰ আই এম এছ)ৰ পৰা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল ৷

লালু প্ৰসাদ যাদৱৰ জামিন আবেদনৰ শুনানি স্থগিত

উল্লেখ্য যে, 2017 চনৰ ডিচেম্বৰৰ পৰা কাৰাগাৰত থকা যাদৱক 2018 চনত ভাৰতীয় দণ্ড বিধিৰ অধীনত 7 বছৰ আৰু পশুখাদ্য কেলেংকাৰী গোচৰৰ ক্ষেত্ৰত দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত সাত বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল ৷

লালু প্ৰসাদ যাদৱৰ জামিন আবেদনৰ শুনানি স্থগিত

লালু প্ৰসাদ যাদৱ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত 1991 চনৰ পৰা 1996 চনৰ ভিতৰত পশুপালন বিভাগৰ বিষয়াসকলৰ দ্বাৰা দুমকা কোষাগাৰৰ পৰা অবৈধভাৱে 3.5 কোটি টকা মুকলি কৰাৰ বাবে আদালতে দোষী সাব্যস্ত কৰি শাস্তি বিহিছিল লালু প্ৰসাদ যাদৱক ৷

লগতে পঢ়কঃহাইকমাণ্ডৰ দৃষ্টিত গুৰুত্ব বৃদ্ধি পাইছে সাংসদ গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

...view details