অসম

assam

ETV Bharat / bharat

পুনৰ আকাশত উৰিবলৈ সাজু জেট এয়াৰৱেজ - বিমানবন্দৰ সমন্বয়কসকলৰ সৈতে আলোচনা

২০২২ চনৰ প্ৰথম তিনি মাহৰ ভিতৰতে পুনৰ ঘৰুৱা বিমান পৰিবহণ আৰম্ভ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জেট এয়াৰৱেজে । প্ৰথমখন বিমানখনে নতুন দিল্লীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰিব বুলি আশা কৰা হৈছে । ইতিমধ্যে, যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰা হৈছে ।

Jet Airways is all set to resume operations
২০২২ চনৰ প্ৰথম তিনি মাহৰ ভিতৰতে পুনৰ ঘৰুৱা বিমান পৰিবহণ আৰম্ভ কৰিবলৈ সাজু জেট এয়াৰৱেজ

By

Published : Sep 13, 2021, 4:50 PM IST

Updated : Sep 13, 2021, 6:24 PM IST

নেশ্যনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ : অৱশেষত পুনৰ বিমান পৰিবহণ আৰম্ভ কৰিবলৈ সাজু হৈছে জেট এয়াৰৱেজ (Jet Airways) । জালান কালৰক কনচৰ্টিয়াম(Jalan Kalrock Consortium)ৰ মতে, ২০২২ চনৰ প্ৰথম তিনি মাহৰ ভিতৰতে পুনৰ ঘৰুৱা বিমান পৰিবহণ আৰম্ভ কৰিবলৈ জেট এয়াৰৱেজ সাজু হৈছে । প্ৰথমখন বিমানখনে নতুন দিল্লীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰিব বুলি আশা কৰা হৈছে । কনচৰ্টিয়ামে জনোৱা মতে, গ্ৰাউণ্ডেড কেৰিয়াৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰক্ৰিয়াৰ লগতে বৰ্তমানৰ এয়াৰ অপাৰেটৰ প্ৰমাণপত্ৰ (এঅচি)ৰ পুনৰ বৈধকৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে ।

কনচৰ্টিয়ামে লগতে জনাইছে যে, স্লট আৱণ্টন, প্ৰয়োজনীয় বিমানবন্দৰৰ আন্তঃগাঁথনি, আৰু নিশাৰ পাৰ্কিং সন্দৰ্ভত বিমানবন্দৰ সমন্বয়কসকলৰ সৈতে আলোচনা কৰি কাম কৰি আছে । জালান কালৰক কনচৰ্টিয়ামৰ জ্যেষ্ঠ বিষয়াসকলে জেট 2.0 অপাৰেচন দলৰ সৈতে নৱনিযুক্ত কেপ্টেইন সুধীৰ গৌৰ, একাউণ্টেবল মেনেজাৰ আৰু কাৰ্যকৰী মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত যোৱা মাহত গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহ পৰিদৰ্শন কৰিছিল আৰু তেওঁলোকৰ সৈতে বৈঠকত মিলিত হয় । জালান কালৰক কনচৰ্টিয়ামে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা মতে, জালান কালৰক কনচৰ্টিয়ামৰ মুখ্য সদস্য আৰু জেট এয়াৰৱেজৰ প্ৰস্তাৱিত অ-কাৰ্যবাহী অধ্যক্ষ মুৰাৰী লাল জালানে কয় যে, ২০২১ চনৰ জুন মাহত এনচিএলটি (National Company Law Tribunal)ৰ অনুমোদন লাভ কৰিছিল ।

তেতিয়াৰ পৰা তেওঁলোকে জেট এয়াৰৱেজৰ (Jet Airways) যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে লগ হৈ কৰিছিল কাম কৰি আছে । কনচৰ্টিয়ামৰ পৰিকল্পনা হৈছে তিনি বছৰত ৫০ খনতকৈ অধিক আৰু ৫ বছৰত ১০০ খনতকৈ অধিক বিমান পৰিবহণ কৰা ।

বিবৃতিটোত কনচৰ্টিয়ামে কয় যে, জেট এয়াৰৱেজৰ (Jet Airways) বাবে পুনৰুজ্জীৱিত পৰিকল্পনা এনচিএলটিৰ অনুমোদন অনুসৰি ৰূপায়ণ কৰা হৈছে আৰু অনাগত মাহবোৰত পৰিকল্পনা অনুসৰি সকলো ঋণদাতাৰ ঋণৰ নিষ্পত্তি কৰা হ'ব বুলি তেওঁ মন্তব্য কৰি । জেট এয়াৰৱেজৰ নতুন একাউণ্টেবল মেনেজাৰ তথা জেট এয়াৰৱেজৰ মুখ্য কাৰ্যবাহী বিষয়া কেপ্টেইন শচীন গৌৰে কয় যে, জেট এয়াৰৱেজ হৈছে এক ব্ৰেণ্ড যি যোৱা দুটা দশকত অধিক শক্তিশালী হৈছে । জেট এয়াৰৱেজৰ নতুন অৱতাৰৰ লগে লগে জেট এয়াৰৱেজৰ মুখ্য কাৰ্যালয় দিল্লী এনচিআৰত স্থাপন কৰা হৈছে ।

লগতে জ্যেষ্ঠ বিষয়াসকলে গুৰুগ্ৰামৰ কৰ্পোৰেটৰ কাৰ্যালয়ৰ পৰা কাম কৰিব । জেট এয়াৰৱেজৰ (Jet Airways) একাংশই মুম্বাইৰ 'গ্লোবেল ৱান'ৰ কাৰ্যালয়ৰ পৰা কাম কৰিব । জেট এয়াৰৱেজৰ গ্লোবেল ৱানত এটা অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰও আছে আৰু এই কেন্দ্ৰটো জেট এয়াৰৱেজৰ কৰ্মচাৰীৰ বাবে আভ্যন্তৰীণ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হ'ব । বিত্তীয় দুৰৱস্থাৰ বাবে বিমান সংস্থাটোৱে বাবে ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা বিমান পৰিবহণৰ কাৰ্যকলাপ স্থগিত ৰাখিছিল ।

লগতে পঢ়ক: ত্ৰিপুৰাৰ বাট্টালাস্থিত ৰজাদিনীয়া শ্মশানত চাফাই অভিযান

Last Updated : Sep 13, 2021, 6:24 PM IST

ABOUT THE AUTHOR

...view details