নেশ্যনেল ডেস্ক, 25 আগষ্ট : এক শোকাৱহ পথ-দুৰ্ঘটনা ৷ 9 জন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ ভৰ্তি হৈ থকা জীপ এখন খাৱৈত পৰি এই দুৰ্ঘটনা সংঘটিত হৈছে ৷
জীপ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু দৰাচলতে কেৰালাৰ ৱায়ানাড জিলাৰ থালাপ্পুজাৰ সমীপত চাহ বাগিচাৰ শ্ৰমিক কঢ়িয়াই অনা এখন জীপ খাৱৈত পৰি মৃত্যু হয় ৯ জন লোকৰ । শুকুৰবাৰে সন্ধিয়া ৩.৩০ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা । কান্নোথ মালাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা ৷
আটাইকেইজন মৃত ব্যক্তি ৱায়ানাড জিলাৰ বুলি জানিব পৰা গৈছে । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কে এল ১১ বি ৫৬৫৫ নম্বৰৰ জীপখনত অতিমাত্ৰা ভিৰ আছিল । ইয়াৰে মাজত আহত হৈছে ৪ জনলোক ।
২৫ মিটাৰ গভীৰতাৰ খাৱৈত বাগৰি পৰে জীপখন । দুৰ্ঘটনা সংঘটিত হোৱা জীপখনত চাহ বাগিচাৰ শ্ৰমিক আছিল । থিতাতে মৃত্যু হয় ৯ জন লোকৰ ৷
প্ৰাথমিক প্ৰতিবেদন অনুসৰি মৃত আটাইকেইগৰাকীয়েই মহিলা শ্ৰমিক । কামৰ অন্তত চাহ বাগিচাৰ পৰা তেওঁলোক উভতি আহিছিল । ইতিমধ্যে ৯ জনৰ ভিতৰত ৭ জনৰ মৃতদেহ চিনাক্ত কৰা হৈছে ।
নিহত আটাইকেইগৰাকী কম্বমালা, থাবিঞ্জল পঞ্চায়তৰ বাসিন্দা । তেওঁলোকে ক্ৰমান্বয়ে ৰাণী, সান্তা, শোভানা, মৰ্যাক্কা, বসন্ত, ৰবিয়া, চিন্নম্মা, ছাজা আৰু লীলা বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত হৈছে জীপখনৰ চালক মণি ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত জীপখনৰ ভিতৰত চালককে ধৰি ১৩ জন যাত্ৰী আছিল ৷ গুৰুতৰভাৱে আহত ২ জনক উদ্ধাৰ কৰি মননথৱাড়ী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । শুকুৰবাৰে সন্ধিয়া ৩.৩০ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা ।
কান্নোথ মালাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা ৷ উদ্ধাৰ অভিযানত নিয়োজিত স্থানীয় বাসিন্দাসকলে আহতসকলক মূল পথলৈ কঢ়িয়াই আনিবলৈ যথেষ্ট সংগ্ৰাম কৰিছিল । দুৰ্ঘটনাস্থলীটো কঠিন শিলেৰে ভৰপূৰ হৈ থকাৰ বাবে আটাইকেইজন আহত আৰু মৃত ব্যক্তিয়ে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
ঘটনা সংঘটিত হোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয় জিলা আয়ুক্ত আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কে এল ১১ বি ৫৬৫৫ নম্বৰৰ জীপখনত অতিমাত্ৰা ভিৰ আছিল ।
লগতে পঢ়ক :Himachal Pradesh rains : হিমাচলত বানত উটিল দলং; অৰ্ধশতাধিক আবদ্ধ লোকক উদ্ধাৰ