নেশ্যনেল ডেস্ক,২০ ফেব্ৰুৱাৰী :কাৰিকৰী প্ৰৱেশ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । ড্ৰ'প কৰা বা বাদ দিয়া প্ৰশ্নৰ বাবে বোনাচ নম্বৰত পৃথক মাপকাঠি থাকিব (JEE main 2023 April exam bonus marks)। শেহতীয়াকৈ JEE Main 2023 April FAQs ত প্ৰকাশ কৰিছে এই তথ্য । সংশোধন অনুসৰি, পৰীক্ষাৰ A শাখাত যদি পৰীক্ষাৰ্থীয়ে প্ৰশ্নটো বাদ দিছে তাৰ বাবদ সকলো প্ৰাৰ্থীয়ে বোনাচ নম্বৰ পাব । কিন্তু B শাখাত পৰীক্ষাৰ্থীয়ে প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিব লাগিব । তেতিয়াহে তেওঁক বোনাচ নম্বৰ দিয়া হ'ব ।
আই.আই.টি. ৰ লগতে এন.আই.টি.ৰ বাবে দেশৰ আটাইতকৈ কঠিন অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা চমুকৈ এনটিএয়ে প্ৰকাশ কৰিছে এই বিশেষ নিৰ্দেশাৱলী (NTA FAQs on JEE Main bonus marks)। লগে লগে বিষয়টোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি শিক্ষাবিদ দেৱ শৰ্মাই কয় যে, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ২০২৩ চনৰ এপ্ৰিল অধিৱেশনৰ পৰা নতুন নীতি প্ৰৱৰ্তন কৰিছে ।
"নতুন আঁচনি অনুসৰি, যদি কাকতৰ শাখা A-ত কোনো প্ৰশ্ন বাদ দিয়া হয় তেন্তে সকলো পৰীক্ষাৰ্থীয়ে বোনাচ নম্বৰ পাব । কিন্তু প্ৰশ্ন কাকতখনৰ B শাখাত, কেৱল প্ৰশ্নটো চেষ্টা কৰা প্ৰাৰ্থীসকলক হে বোনাচ নম্বৰ দিয়া হ'ব । প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিলেও বা নকৰিলেও শাখা A-ত প্ৰতিজন শিক্ষাৰ্থীক চাৰিটা বোনাচ নম্বৰ প্ৰদান কৰা হ'ব ।