নেশ্যনেল ডেস্ক , 15 অক্টোবৰ :ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই(National Testing Agency) শুকুৰবাৰে Joint Entrance Examination (JEE) Advanced 2021 ৰ ফলাফল ঘোষণা কৰে ৷ শুকুৰবাৰে ঘোষণা হোৱা ফলাফলত আইআইটি দিল্লীৰ(IIT Delhi) মৃদুল আগৰৱালে ৩৬০ ৰ ভিতৰত ৩৪৮ নম্বৰ লাভ কৰি শীৰ্ষ স্থান অৰ্জন কৰিছে ৷ IIT Delhi zone ৰ কাব্যা চোপ্ৰাই common rank list (CRL) 98 ৰ সৈতে মহিলা শ্ৰেণীত শীৰ্ষস্থান দখল কৰিছে ৷ ৩৬০ ৰ ভিতৰত তেওঁ ২৮৬ নম্বৰ লাভ কৰিছে ৷
ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ (NTA) অফিচিয়েল ৱেবছাইটত প্ৰদান কৰা বিৱৰণ অনুসৰি, জেইই (এডভান্সড) 2021 ত 1 আৰু 2 দুয়োখন কাকত মিলাই মুঠ 1,41,699 জন প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে 41,862 জন প্ৰাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত 6452 গৰাকী মহিলা ৷