নেশ্যনেল ডেস্ক,৪ ছেপ্টেম্বৰ :২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ আসন ৫০ লৈ হ্ৰাস হ'ব । বিজেপিৰ সংগ এৰাৰ পাছতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই গুৰুত্বপূৰ্ণ মন্তব্য (Nitish Kumar on 2024 Loksabha election)। পাটনাত অনুষ্ঠিত জেডি(ইউ) দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদিহে সকলো বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ'লে বিজেপিয়ে ৫০ ৰ অধিক আসন লাভ কৰিব নোৱাৰিব ।
জেডি(ইউ)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙে বিজেপিক ১৫০ খন আসনত বান্ধি ৰখাৰ কথা কৈছিল । সেই কথাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, লালন সিঙে অত্যাধিক আসনৰ কথা কৈছে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বিজেপিৰ লোকসকলে ৰাজ্যখনত সাম্প্ৰদায়িক আৰু সামাজিক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিব । সেয়ে পঞ্চায়ত পৰ্যায়লৈকে সকলোৱে সাৱধানে থাকিব লাগিব বুলিও তেওঁ দলৰ কৰ্মীসকলক সকীয়াই দিয়ে । আনহাতে অমিত শ্বাহৰ বিহাৰ ভ্ৰমণ সন্দৰ্ভত তেওঁ কয় যে, বিহাৰৰ পৰিৱেশ নষ্ট কৰিবলৈ অমিত শ্বাহ বিহাৰলৈ আহি আছে ।
মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ নিৰ্বাচনৰ কথা উল্লেখ কৰি কয় যে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ষড়যন্ত্ৰৰ বাবে তেওঁৰ দলৰ আসন হ্ৰাস পাইছিল । আনকি তেওঁ নিজে মুখ্যমন্ত্ৰী হ'ব বিচৰা নাছিল কিন্তু বিজেপিৰ অনুৰোধত তেওঁ মুখ্যমন্ত্ৰী হৈছিল । কিয়নো বিহাৰৰ উন্নয়ন আৰম্ভণিৰে পৰা তেওঁৰ লক্ষ্য আছিল বুলি উল্লেখ কৰে নীতিশ কুমাৰে ।
নীতিশ কুমাৰে উল্লেখ কৰা মতে ২০০৫ চনত বিহাৰত সেৱা আগবঢ়োৱাৰ তেওঁ সুযোগ পাইছিল আৰু শিক্ষা, স্বাস্থ্য, পথ, বিদ্যুৎ আদি প্ৰতিটো ক্ষেত্ৰতে তেওঁ কাম কৰিছে । লগতে অনুসূচীত জাতি, অনুসূচীত জনজাতি, পিছপৰা শ্ৰেণী, সংখ্যালঘু, মহিলা সৱলীকৰণ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাবে কাম কৰিছে । প্ৰথমবাৰলৈ বিহাৰত ৰূপায়ণ কৰা চাইকেল আৰু পোছাক আঁচনি আন ৰাজ্যসমূহেও অনুসৰণ কৰি আছে বুলি তেওঁ উল্লেখ কৰে । কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Nitish Kumar at JDU executive meeting) কয় যে বিহাৰ চৰকাৰে পঞ্চায়ত, পৌৰ নিগম আৰু প্ৰাথমিক শিক্ষক নিযুক্তিত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।