নিউজ ডেস্ক, 27 ডিচেম্বৰ :বিজেপিৰ সহযোগী দল জেডিইউে লাভ জেহাদ বিৰোধী আইনৰ বিৰোধিতা কৰে ৷জেডিইউৰ মহাসচিব কেচি ত্যাগীয়ে কয় যে, লাভ জেহাদক কেন্দ্ৰ কৰি দেশৰ চুকে চুকে ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰি থকা হৈছে ৷ তেও লগতে কয় যে, দুজনকৈ প্ৰাপ্ত বয়স্ক লোকে নিজৰ ইচ্ছা অনুসৰি জীৱন সংগী বাছনি কৰি পাৰে ৷ জাতি, ধৰ্ম, স্থান আদিয়ে এই ক্ষেত্ৰত প্ৰভাৱ পেলাব নোৱাৰে ৷
লাভ জেহাদ বিৰোধী আইনৰ বিৰোধিতা বিজেপিৰ সহযোগী দল জেডিইউৰ - লাভ জেহাদ বিৰোধী আইন
বিজেপিৰ সহযোগী দল জেডিইউে লাভ জেহাদ বিৰোধী আইনৰ বিৰোধীতা কৰে ৷ দুজনকৈ প্ৰাপ্ত বয়স্ক লোকে নিজৰ ইচ্ছা অনুসৰি জীৱন সংগী বাছনি কৰি পাৰে বুলি মন্তব্য আগবঢ়ায় জেডিইউৰ মহাসচিব কেচি ত্যাগীয়ে ৷
লাভ জেহাদ বিৰোধী আইনৰ বিৰোধীতা বিজেপিৰ সহযোগী দল জেডিইউৰ
ত্যাগীয়ে আন এক প্ৰসংগত কয় যে, ডা৹ লোহিয়াই কৈছিল যে, ইচ্ছা অবিহনে আৰু বলাৎকাৰৰ বাহিৰে স্ত্ৰী আৰু পুৰুষৰ মাজৰ সকলো সম্পৰ্ক বৈধ ৷ এনেকুৱা আইনবোৰ বনাই সমাজত বিভাজনৰ সৃষ্টি কৰা, কিছুমান লোকৰ উৎপীড়ন কৰাৰ দৰে ঘটনাবোৰক জনতা দলে বিৰোধ কৰে বুলিও মন্তব্য আগবঢ়ায় জেডিইউৰ মহাসচিব কেচি ত্যাগীয়ে ৷
লগতে পঢ়ক: পাকিস্তানৰ ড্ৰোণ ৰোধ কৰিবলৈ প্ৰস্তুত ৰেডিঅ' কম্পনাংকৰ সফল পৰীক্ষণ