অসম

assam

ETV Bharat / bharat

PM will change Constitution: পুনৰ শাসনলৈ আহিলে দেশৰ সংবিধান সলনি কৰিব মোদীয়ে; লালন সিং - ভাৰতৰ সংবিধানৰ প্ৰতি ভাবুকি

'বিজেপিয়ে পুনৰ এবাৰ শাসনভাৰ দখল কৰিলে ভাৰতীয় সংবিধানৰ স্থান দখল কৰিব নৰেন্দ্ৰ মোদী সংবিধানে' এই গুৰুতৰ অভিযোগ জনতা দল (ইউনাইটেড)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙৰ ৷ নালন্দাত আয়োজিত এক দলীয় অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনক সমালোচনাৰে থকা-সৰকা কৰে জেডিইউৰ মুৰব্বীগৰাকীয়ে ৷

JDU chief Lalan Singh slams MODI
মোদী চৰকাৰে ভাৰতীয় সংবিধানৰ প্ৰতি কঢ়িয়াইছে ভাবুকি

By

Published : Aug 21, 2023, 7:47 AM IST

নেশ্যনেল ডেস্ক, 21 আগষ্ট:জনতা দল (ইউনাইটেড)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙে ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ভাৰতৰ সংবিধানৰ প্ৰতি ভাবুকি আহিছে বুলি অভিযোগ উত্থাপন কৰে ৷ লগতে বিজেপিয়ে পুনৰ এবাৰ ক্ষমতা দখল কৰিলে ভাৰতীয় সংবিধানৰ ঠাই নৰেন্দ্ৰ মোদী সংবিধানে দখল কৰিব বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীয়ে ।

নালন্দাত আয়োজিত এক দলীয় অনুষ্ঠানত ভাষণ দি জেডিইউৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনাৰে থকা-সৰকা কৰা লগতে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে 9 বছৰীয়া কাৰ্যকাল সন্দৰ্ভতো বিভিন্ন প্ৰশ্ন উত্থাপন কৰে ।

অনুষ্ঠানত ভাষণ দি জেডিইউৰ মুৰব্বীগৰাকীয়ে কয়, “যদি 2024 চনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ ক্ষমতা লাভ কৰে, তেন্তে তেওঁ ভীমৰাও আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধান সলনি কৰি তাৰ ঠাইত নৰেন্দ্ৰ মোদী সংবিধান স্থাপন কৰিব ৷’’ প্ৰধানমন্ত্ৰী হিচাপে বিগত 9 বছৰত কি কি উন্নয়নমূলক কাম কৰিছে বুলিও জেডিইউৰ মুৰব্বী লালন সিঙে প্ৰশ্ন উত্থাপন কৰে ?

জেডিইউৰ মুৰব্বী লালন সিঙে 26 টা দলৰে গঠিত বিৰোধী মিত্ৰজোঁট I.N.D.I.A. গঠন হোৱাৰ পিছত বিজেপি দলটো উদ্বিগ্ন হৈ পৰিছে বুলি কয় ৷ এই প্ৰসংগত জেডিইউৰ মুৰব্বীগৰাকীয়ে কয়, ‘‘INDIA গঠনৰ বাবে বিজেপি উদ্বিগ্ন । দেশৰ বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবে নীতিশ কুমাৰে ভীষণ কষ্ট কৰিছে । প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰে ক’লা ধন দেশলৈ ঘূৰাই অনাৰ বাবে প্ৰতিশ্ৰুতি আগবঢ়াইছিল ৷ কিন্তু মোদী চৰকাৰে দেশবাসীক লুণ্ঠন কৰিছে ।’’

উল্লেখ্য যে, 2024 চনৰ লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ 17-18 জুলাইত কৰ্ণাটকৰ বেংগালুৰুত বিৰোধী দলৰ নেতাসকলৰ দ্বিতীয়খন বৈঠকৰ অন্তত 26 টা দলৰ মিত্ৰজোঁট I.N.D.I.A. গঠন কৰা হয় ৷

লগতে পঢ়ক: Rahul Gandhi bike ride : চীনা সৈন্যৰ অনুপ্ৰৱেশ সন্দৰ্ভত মোদীৰ দাবীক মিথ্যা আখ্যা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details