নিউজ ডেস্ক, 3 ছেপ্টেম্বৰ: অসমীয়া সমাজত এটা জনপ্ৰিয় প্ৰবাদ আছে- চিলনীয়ে কাণখন নিলে ঐ ! ইয়াৰ পাছৰখিনি এনে ধৰণৰ- যদি মানুহজনৰ সামান্যও বিবেক বুদ্ধি আছে, তেনেহ’লে তেওঁ প্ৰথমে নিজৰ কাণখন খেপিয়াই চাব ৷ আৰু যদি তেওঁৰ বিবেক বুদ্ধি বুলিবলৈ একোৱেই নাই তেন্তে নিজৰ কাণখন খেপিয়াই চোৱাৰ পৰিবৰ্তে চিলনীৰ পাছে পাছে দৌৰিব ৷
অসমৰ পৰা নি প্ৰায় এযুগ ধৰি তামিলনাডুৰ এটা মন্দিৰত ৰখা জয়মালা নামৰ হাতীটোক(Assam elephant Jaymala) লৈ অসম চৰকাৰে যিখন নাটক প্ৰদৰ্শন কৰিলে সিয়ে চিলনীয়ে কাণখন নিয়া বুলি বিশ্বাস কৰি চিলনীৰ পাছে পাছে দৌৰা বিবেক বুদ্ধিহীন মানুহজনৰ কাহিনীটোকে যেন সঁচা বুলি প্ৰমাণ কৰিলে ৷
জয়মালা সন্দৰ্ভত একাংশ লোকে চলোৱা ভিত্তিহীন প্ৰচাৰৰ আগগুৰি নোলোৱাকৈ অসম চৰকাৰে উচ্চস্তৰীয় বৈঠক আয়োজন কৰি চাৰিগৰাকীকৈ শীৰ্ষ বিষয়া আৰু বিশেষজ্ঞক তামিলনাডুলৈ পঠিয়ালে(Assam delegate team to Tamil Nadu) ৷ আৰু আজি শেনটো হৈ তামিলনাডুলৈ যোৱা অসমৰ উচ্চস্তৰীয় চাৰিজনীয়া দলটো ফেঁচা হৈ অসমলৈ উভতি আহিবলগীয়া হ’ল ৷
ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত তামিলনাডুৰ মুখ্য বন সংৰক্ষক শ্ৰীনিবাস ৰেড্ডীয়ে(Tamil Nadu Chief Conservator of Forests) জানিবলৈ দিয়ে- " অসমৰ পৰা এটা চাৰিজনীয়া দল আহিছিল ৷ তেওঁলোকে বান্দালুৰ বন্যপ্ৰাণী উদ্যানত আমাৰ সৈতে মিলিত হৈছিল ৷ তেতিয়া আমি তেওঁলোকক জনাওঁ যে, আমি হাতীটো ওভটাই দিব নোৱাৰো ৷ হাতীটো বহু বছৰ আগতে অনা হৈছিল ৷ হাতীটোক নিৰ্যাতন চলোৱা যিটো ভিডিঅ’ ভাইৰেল হৈছে সেইটো বহু পুৰণি ভিডিঅ’ ৷ আমি তেওঁলোকক বুজাই দিওঁ যে এতিয়া অকল সেইটো হাতীয়েই নহয়, সকলো হাতীয়েই সুন্দৰ পৰিবেশত আছে ৷"