নেশ্যনেল ডেস্ক, 4 জুন : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ সন্দৰ্ভত সংবাদমেল ৰে'লৱে ব'ৰ্ডৰ অপাৰেশ্যন এণ্ড বিজনেছ ডেভেলপমেণ্টৰ সদস্য (Member of Operation and Business Development) জয়া বাৰ্মা সিনহাৰ ৷ সংবাদমেলত তেওঁ কয় যে, কেৱল ক’ৰ’মণ্ডল এক্সপ্ৰেছখনহে দুৰ্ঘটনাত পতিত হৈছিল (Jaya Varma Sinha press meet)। দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন প্ৰায় 128 কিঃমিঃ বেগত আহি আছিল ৷ মালবাহী ৰে’লখন লাইনচ্যুত হোৱা নাছিল ।
কিন্তু সৰ্বাধিক ক্ষতি হৈছিল যাত্ৰীবাহী ক’ৰ’মণ্ডল এক্সপ্ৰেছখন (Coromandal Express tragic incident) । ফলত বৃহৎ সংখ্যক যাত্ৰী মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় (Odhisha Triple train accident news)। ক’ৰ’মণ্ডল এক্সপ্ৰেছখন লাইনচ্যুত হোৱাৰ ফলত ডবাকেইটা লুটি খাই পৰিছিল ৷ ইয়াৰ পিচতে ভূতৰ ওপৰত দানহ পৰাদি যশৱন্তপুৰ এক্সপ্ৰেছৰ শেষৰ দুটা ডবাত খুন্দা মাৰিছিল ট্ৰেকৰ পৰা লাইনচ্যুত ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ডবাই ৷ তেতিয়া যশৱন্তপুৰ এক্সপ্ৰেছৰ গতিবেগ আছিল প্ৰতিঘন্টাত 126 কিঃমি ৷
জয়া বাৰ্মাই লগতে কয়, ‘‘আমাৰ জ্যেষ্ঠ বিষয়াসকলে ফোন কলবোৰৰ উত্তৰ দি আছে আৰু আমি যিমান সম্ভৱ সিমান মানুহক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছো । হেল্পলাইন নম্বৰৰ জৰিয়তে আঘাতপ্ৰাপ্ত বা মৃতকৰ পৰিয়ালৰ সদস্যসকলে আমাক ফোন কৰি সবিশেষ বা তথ্য যোগান ধৰিব পাৰে আৰু তেতিয়া তেওঁলোকৰ প্ৰকৃত পৰিচয় নিশ্চিত কৰাত আমাৰ সুবিধা হ’ব (Helpline Number) ৷" সাধাৰণ ৰাইজে 139 হেল্পলাইন নম্বৰত ফোন কৰিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে জয়া বৰ্মা সিনহাই (139 Helpline Number) ৷