নেশ্যনেল ডেস্ক,২০ এপ্ৰিল :ছত্তীশগড়ত মাওবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । বিভিন্ন স্থানত মাওবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে (Maoist attack in Chhattisgarh)। প্ৰায় প্ৰতিদিনে ছত্তীশগড়ৰ বস্তাৰত মাওবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে । এপ্ৰিল মাহতে ৰাজ্যখনৰ বিভিন্ন স্থানত আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । আইইডি বিস্ফোৰণত সেনা জোৱানসকলৰো ক্ষতি হোৱা দেখা গৈছে ।
শেহতীয়াকৈ বিজাপুৰৰ নেলচনাৰৰ ওচৰত এটা আইইডি বিস্ফোৰণ হয় (IED blast near Nelsnar)। এই বিস্ফোৰণত এগৰাকী জোৱান গুৰুতৰভাৱে আহত হয় । ইফালে আহত জোৱানজনক দান্তেৱাড়াত প্ৰাথমিক চিকিৎসাৰ অন্তত চৌপাৰৰ পৰা ৰায়পুৰলৈ প্ৰেৰণ কৰা হয় । তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
আৰক্ষী অধীক্ষক অঞ্জনেয়া বৰ্ষনিয়ে ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁৰ মতে নেলচনাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত মাওবাদীৰ আধিপত্য দীৰ্ঘদিনীয়া আছিল । বঙ্গপাল গাঁৱৰ পৰা ৩ কিলোমিটাৰ দূৰৈত এটা আইইডি প্ৰত্যক্ষ কৰা গৈছিল । সেই সময়ত আইইডিটো নিষ্ক্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল সেনা জোৱানে । তেনে সময়তে আইইডিটো বিস্ফোৰণ হয় আৰু জোৱানজন আঘাতপ্ৰাপ্ত হয় (Jawan injured in IED blast in Chhattisgarh)। আহত জোৱানজন সীতাৰাম কুদিয়াম বুলি জানিব পৰা গৈছে ।