নেশ্যনেল ডেস্ক, ১২ মাৰ্চ :পাহাৰগঞ্জ অঞ্চলত হোলী উদযাপনৰ সময়ত এগৰাকী জাপানী যুৱতীক উৎপীড়ন চলোৱা হৈছিল (Paharganj Holi case)। যি ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে । বলপূৰ্বকভাৱে একাংশ লোকে যুৱতীগৰাকীক ফাকুৱা লগাইছিল । সেই সময়ত ৰেকৰ্ডিং কৰা এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হয় । অৱশ্যে এই ঘটনা সন্দৰ্ভত ৪ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (4 held on Paharganj Holi case)। অভিযুক্তসকলৰ ভিতৰত এজন নাবালক । একে সময়তে, ভুক্তভোগী যুৱতীগৰাকীয়ে কিন্তু এতিয়ালৈকে এই বিষয়ত দিল্লী আৰক্ষীক কোনো অভিযোগ দিয়া নাই ।
অৱশ্যে, যুৱতীগৰাকীয়ে টুইট কৰি কয় যে তেওঁ এতিয়া বাংলাদেশত আছে । টুইটত তেওঁ কয় যে যোৱা ৯ মাৰ্চত তেওঁ ভাৰতীয় উৎসৱ হোলীৰ এটা ভিডিঅ' টুইট কৰিছিল । ইয়াৰ পাছত, ৰিটুইট আৰু মেছেজৰ সংখ্যা কল্পনা কৰাতকৈ অধিক বৃদ্ধি পাইছিল । যাৰবাবে তেওঁ শংকিত হৈ পৰিছে । সেইকাৰণে তেওঁ টুইটটো ডিলিট কৰিছে বুলি উল্লেখ কৰিছে (Japanese girl re tweet on holi case)।
আনহাতে সেই ভিডিঅ'টোৰ দ্বাৰা অসুবিধাৰ সন্মুখীন হোৱা লোকসকলৰ ওচৰত তেওঁ ক্ষমাও বিচাৰিছে (Paharganj Holi viral video)। এই সন্দৰ্ভত সুপ্ৰিয়া নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে কয় যে বেছিভাগ ভাৰতীয়ই এই ঘটনাত হতবাক হৈ জাপানী যুৱতীগৰাকীৰ ওচৰত ক্ষমা বিচাৰিছে । একে সময়তে শুভম বাৰ্মা নামৰ এজন ব্যৱহাৰকাৰীয়ে কয় যে দুৰ্ব্যৱহাৰ কৰা যুৱকজনৰ হৈ তেওঁ ক্ষমা বিচাৰিছে ।
জাপানী যুৱতীগৰাকীৰ টুইটৰ প্ৰতি নিৰন্তৰ সঁহাৰি দিয়া দেখা গৈছে । আনহাতে তেওঁৰ প্ৰতি সহানুভূতিও প্ৰকাশ কৰিছে ভাৰতীয়সকলে । টুইটটোত জাপানী যুৱতীগৰাকীয়ে কৈছিল যে তেওঁ শুনিছে এগৰাকী ভাৰতীয় মহিলাই হোলী উৎসৱত বাহিৰলৈ ওলাই যোৱাটো অতি বিপদজনক । সেয়েহে তেওঁ আন ৩৫ গৰাকী বন্ধুৰ সৈতে হোলীত ওলাই গৈছিল । কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হৈছিল ।