অসম

assam

জনা-নজনা : বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটো

By

Published : Aug 31, 2021, 10:14 AM IST

Updated : Aug 31, 2021, 1:47 PM IST

এটা পৰিয়ালত সৰ্বাধিক কিমানগৰাকী সদস্য থাকিব পাৰে ! এই প্ৰশ্নৰ সঠিক উত্তৰ হয়তো দিব পৰা নাযায় ৷ কিন্তু আপুনি জানেনে, বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটো ক’ত আছে আৰু ইয়াৰ সদস্য সংখ্যা কিমান ?

World's Biggest Family
বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটো

নিউজ ডেস্ক, 31 আগষ্ট :বিশ্বৰ সৰ্ববৃহৎ পৰিয়াল বুলি জনাজাত পৰিয়ালটো 167 গৰাকী সদস্য আছে ৷ পিছে আপুনি ভবাৰ দৰে পৰিয়ালটোৰ সদস্যসকলৰ লগত আত্মীয়সকলক লৈ তেওঁলোকক বিশ্ব আটাইতকৈ ডাঙৰ পৰিয়াল হিচাপে খ্যাতি দিয়া হোৱা নাই ৷ পৰিয়ালটোৰ মুৰব্বী, তেওঁৰ স্ত্ৰী আৰু সন্তানকলৈহে এই পৰিয়ালটোৱে বিশ্বৰ সৰ্ববৃহৎ পৰিয়াল হিচাপে স্বীকৃতি লাভ কৰিছে ৷

বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটো

আপুনি হয়তো ভাবিছে এটা পৰিয়ালত ইমান সদস্য কেনেদৰে হ’ব পাৰে ? ক’ত আছে এই পৰিয়ালটো ? পৰিয়ালটোৰ মুৰব্বী কোন ?

বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ বাসগৃহ

এই পৰিয়ালটো আছে অসমৰ নিচেই সমীপৱৰ্তী ৰাজ্য মিজোৰামত ৷ জায়না চানা(Ziona Chana) নামৰ এই ব্যক্তিগৰাকীৰ পৰিয়াল 166 গৰাকী সদস্য আছে আৰু এই পৰিয়ালটোকেই বিশ্বৰ সৰ্ববৃহৎ পৰিয়াল বুলি বিশ্বাস কৰা হয় । জায়না চানা(Ziona Chana)ৰ 39 গৰাকী পত্নী আৰু 94 টা সন্তান আৰু 33 গৰাকী নাতি-নাতিনীৰে ভৰপূৰ এখন সংসাৰ আছে ৷

পৰিয়ালটোৰ মুৰব্বী জায়না চানা

অৱশ্যে 2016 চনত 76 বছৰ বয়সত বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বী জায়না চানা(Ziona Chana)ৰ মৃত্যু হয় ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই(Zoramthanga) টুইট কৰি জায়না চানাৰ মৃত্যু কথা সদৰী কৰি শোক প্ৰকাশ কৰিছিল ৷ জায়না চানা(Ziona Chana)ৰ মৃত্যুৰ পাঁচ বছৰৰ পাছতো এই পৰিয়ালটো বিশ্বৰ সৰ্ববৃহৎ পৰিয়াল হিচাপে পৰিগণিত হৈ আছে ৷

এবাৰত প্ৰয়োজনীয় খাদ্য

জায়না চানাই 1959 চনত 15 বছৰ বয়সত প্ৰথম বিবাহপাশত আৱদ্ধ হৈছিল আৰু এতিয়া তেওঁৰ মুঠ 39 গৰাকী পত্নী আছে ৷ ভাৰতীয় আইন অনুসৰি এজন ব্যক্তিয়ে এবাৰহে বিবাহপাশত আৱদ্ধ হ’ব পাৰে ৷ বিবাহ বিচ্ছেদৰ পাছতহে তেওঁ দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হ’ব পাৰে ৷ কিন্তু জায়না চানা(Ziona Chana) বহুবিবাহৰ অনুমতি দিয়া মিজোৰামৰ এটা স্থানীয় খ্ৰীষ্টান সম্প্ৰদায়ৰ আছিল ৷

বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটো

জায়নাই তেওঁৰ পৰিয়ালৰ সৈতে মিজোৰামৰ এখন দূৰৱৰ্তী গাঁও বাকটাৱং(Baktawng)ত প্ৰায় 100 টা কোঠাৰ এটা চাৰিমহলীয়া গুলপীয়া ৰঙৰ ঘৰত বাস কৰে ৷ সম্প্ৰতি এই পৰিয়ালটো পৰ্যটকৰ বাবেও আকৰ্ষণক কেন্দ্ৰ হৈ পৰিছে ।

জায়না চানা(Ziona Chana) 2011 চনত এটা সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত তেওঁ পৰিয়ালটো আৰু অধিক বৃদ্ধি কৰাৰ আশা থকাৰ কথা ব্যক্ত কৰে ৷ তেওঁ ইয়াৰ বাবে আনকি পুনৰ বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু থকাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :জনা-নজনা : বিমানৰ বাহিৰত সঁচাকৈ ওলমি যাব পাৰি নে ?

Last Updated : Aug 31, 2021, 1:47 PM IST

ABOUT THE AUTHOR

...view details