অসম

assam

ETV Bharat / bharat

জনা-নজনা: কিহৰ বাবে আমাজানৰ ওপৰত নিৰ্মাণ হোৱা নাই দলং ? - mouth of the main stream

পৃথিৱীৰ হৃদয়: আমাজান

Jana-Najana: Why the Amazon River Can't Be Crossed By Bridge
জনা-নজনা: কিহৰ বাবে আমাজানৰ ওপৰত নিৰ্মাণ হোৱা নাই দলং ?

By

Published : Aug 26, 2021, 8:27 PM IST

নিউজ ডেস্ক, 26 আগষ্ট :আমাজান দক্ষিণ আমেৰিকাৰ আমাজন অৱবাহিকাৰে আৱৰি থকা এক বিশাল ক্ৰান্তীয় বৰ্ষাৰণ্য । আমাজান অৱবাহিকা (basin) বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আৰু ইয়াৰ মাটিকালি ৭০,৫০,০০০ বৰ্গ কিল’মিটাৰ আৰু পৰিমাণ হিচাপত ই সমগ্ৰ দক্ষিণ আমেৰিকাৰ আধা অংশ হ’ব । এই বৰ্ষাৰণ্যৰ ওপৰত ৰাজনৈতিকভাবে নখন দেশৰ আধিপত্য আছে । বিজ্ঞানীসকলৰ মতে আনুমানিক প্ৰায় ৫.৫ কোটি বছৰ পূৰ্বে এই জংঘলৰ সৃষ্টি হৈছিল ।

আমাজান অৱবাহিকাত থকা আমাজন পৃথিৱীৰ দ্বিতীয়খন দীৰ্ঘতম নদী আৰু জলপ্ৰৱাহ (discharge)ৰ ভিত্তিত ই পৃথিৱীৰ সৰ্ববৃহৎ নদী । আমাজান নদীৰ গড় জলপ্ৰৱাহ (discharge)ৰ মাত্ৰা প্ৰতি ছেকেণ্ডত ২,০৯,০০০ কিউবিক মিটাৰ ৷ আমাজানৰ ব্ৰাজিলৰ ভিতৰত থকা অংশটো বিশ্বৰ অন্য সকলো অৱবাহিকাতকৈ বৃহৎ । এই নদী ব্ৰাজিলৰ মাজেৰে পাৰ হৈ গৈ আটলাণ্টিক মহাসাগৰত পৰিছেগৈ । শেহতীয়া এক গৱেষণাত আমাজানক বিশ্বৰে দীৰ্ঘতম নদী বুলি প্ৰকাশ পাইছে ।

আমাজান বৰ্ষাৰণ্য

আমাজানৰ অৱবাহিকাৰ অধিকাংশ অঞ্চল বিষুৱীয় অঞ্চলত অৱস্থিত হোৱা আৰু বিষুৱীয় অঞ্চলত হোৱা প্ৰৱল বৃষ্টিপাতৰ কাৰণে এই নদীয়েদি প্ৰৱাহিত হয় পৃথিৱীৰ আনসমূহ নদীতকৈ অধিক জলৰাশি । নদীখনে প্ৰতি ছেকেণ্ডত ১,৮০,০০০ ঘন মিটাৰ পানী আটলাণ্টিকলৈ প্ৰৱাহিত কৰে । পৃথিৱী পৃষ্ঠত প্ৰৱাহিত মুঠ জলৰাশিৰ ২৫ শতাংশ আমাজানেদি প্ৰৱাহিত হয় বুলি জানিব পৰা গৈছে । এই বিপুল জলৰাশি ইমান প্ৰৱল বেগেৰে আটলাণ্টিকত প্ৰৱেশ কৰে যে, নদীখনৰ মোহনাৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ পৰ্যন্ত সাগৰৰ পানী ঘোলা আৰু লুণীয়া হৈ থাকে ।

লগতে পঢ়ক :জনা-নজনা : বিশ্ব ঐতিহ্যক্ষেত্ৰ উলুৰুক আৰ্য়াছ ৰক

আমাজানৰ প্ৰস্থৰ ঠেক অংশ অতিকমে ১০ কিল’মিটাৰ আৰু বাৰিষা ই ৪৮ কিল’মিটাৰ পৰ্যন্ত বহল হৈ পৰে । আটলাণ্টিক মহাসাগৰত মিলিত হোৱাৰ অংশত এই নদীৰ প্ৰস্থ হয়গৈ ২৪০ কিল’মিটাৰ । এই নদীৰ মুখ (mouth of the main stream) অংশ বহলে ৮০ কিল’মিটাৰ । আমাজানৰ বৃহদাকাৰ আকৃতিৰ বাবে এই নদীক "নদী সাগৰ" (The River Sea) বুলিও আখ্যা দিয়া হয় ।

আমাজান বৰ্ষাৰণ্য

আমাজান নদীৰ অৱবাহিকাৰ প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰ ঘন বৰ্ষাৰণ্য (Rain Forest)। আমাজান বৰ্ষাৰণ্যতেই বিশ্বৰ অধিক সংখ্যক বনভূমি আছে । বিজ্ঞানীসকলে এতিয়ালৈকে আৱিষ্কাৰ কৰা 40,000 প্ৰজাতিৰ প্ৰায় 3,900 বিধ প্ৰজাতিৰ উদ্ভিদ ইয়াত উপলব্ধ । সমগ্ৰ পৃথিৱীতেই ব্যৱহৃত হৈ থকা প্ৰায় ১২০ বিধ ঔষধৰ গছ ইয়াত পোৱা যায় । পৃথিৱীৰ প্ৰায় বিশ শতাংশতকৈও অধিক অক্সিজেন উৎপাদন হয় এই বৃহৎ অঞ্চলতেই, যাৰ ফলত ইয়াক আখ্যা দিয়া হৈছে "পৃথিৱীৰ হৃদয়" ।

এই বৰ্ষাৰণ্যত বাস কৰে বিশ্বৰ প্ৰায় পাঁচ নিযুততকৈ অধিক উদ্ভিদ-প্ৰাণী তথা পতংগৰ প্ৰজাতি । ইয়াৰ উপৰি প্ৰায় 1,500 নতুন প্ৰজাতিৰ চৰাই, প্ৰায় 500 প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, 2,200 প্ৰজাতিৰ মাছ, প্ৰায় 400 প্ৰজাতিৰ সৰীসৃপ ইয়াত পোৱা যায় ।

লগতে পঢ়ক :জনা-নজনা : চলন্ত বাহন উৰি যোৱা অঞ্চলটো

আমাজানত 350 টা বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰায় 30 নিযুত লোকে বসবাস কৰে । তাৎপৰ্যপূৰ্ণভাৱে ঐতিহ্যৰে ভৰপূৰ আমাজনলৈ সংযোগৰ বাবে এতিয়ালৈ নিৰ্মাণ কৰা হোৱা নাই এখন দলং ৷ আমাজানলৈ যোগাযোগৰ একমাত্ৰ উপায় হৈছে নাও অথবা জাহাজ ৷ পৃথিৱীৰ ভিন্ন প্ৰান্তৰ দুৰ্গম অঞ্চললৈ সংযোগ স্থাপনৰ বাবে যোগাযোগ ক্ষেত্ৰত ইঞ্জিনীয়াৰিঙৰ বিশেষ দক্ষতা প্ৰদৰ্শন কৰিছে অভিযন্তা সকলে ; কিন্তু কিয় এতিয়ালৈ আমাজানৰ ওপৰত এখন দলং নিৰ্মাণ কৰা নহ’ল ? নে ইয়াৰ আঁৰত আছে আন কোনো ৰহস্য ?

জনা-নজনা: কিহৰ বাবে আমাজানৰ ওপৰত নিৰ্মাণ হোৱা নাই দলং ?

আমাজান নদীখনৰ অধিকাংশ আমাজান বৰ্ষাৰণ্যৰ মাজেৰে বৈ গৈছে আৰু এই নদীখনে কম পৰিমাণে হ’লেও নগৰ আৰু চহৰাঞ্চলক সংযোগ কৰিছে ৷ এনে ক্ষেত্ৰত প্ৰকৃততেই আমাজান নদীৰ ওপৰেৰে অভিযন্তাসকলে সহজেই এখন দলং নিৰ্মাণ কৰিব পাৰিলে হয় । তাৰোপৰি ই আমাজান নদীৰ সঙ্গমস্থলৰ নতিদূৰৈত ৰিঅ' নিগ্ৰ’ দলং (Rio Negro bridge) বিস্তৃত হৈ আছে আৰু এইখন দলং আমাজন তথা আমাজন অৱবাহিকাৰ যিকোনো উপনদীৰ ওপৰৰ একমাত্ৰ প্ৰধান দলং । কিন্তু এই দলং খনৰ নিৰ্মাণৰ পূৰ্বে সাম্ভাব্য বনধ্বংসক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল আৰু দলংখন নিৰ্মাণৰ পাছত এই কথা সত্যত পৰিণত হৈছিল ।

আমাজান বৰ্ষাৰণ্য

যিহেতু আমাজন বৰ্ষাৰণ্যলৈ দলং নিৰ্মাণৰ ফলত এই সাম্ভাব্য বনধ্বংস আৰু অধিক হ’ব; সেয়েহে এতিয়ালৈকে আমাজনৰ লগত পথৰ কোনো পোনপটীয়া যোগাযোগৰ ব্যৱস্থা স্থাপন কৰা হোৱা নাই ৷ বিশ্বত থকা উদ্ভিদ প্ৰজাতিৰ ৭০ শতাংশই এই অঞ্চলৰ । অৱশ্যে বিগত দুটা দশকত পৃথিৱীত থকা বৰ্ষাৰণ্যসমূহ দ্ৰুতগতিত হ্ৰাস পাই আহিব ধৰিছে । প্ৰতি ছেকেণ্ডত পৃথিৱীৰ পৰা এক একৰকৈ বৰ্ষাৰণ্য ধ্বংস হৈ যায় । যাৰ ফলস্বৰূপে প্ৰতিদিনে আমি হেৰুৱাব লগা হৈছে ১৩৭ টাকৈ ভিন ভিন প্ৰজাতিৰ উদ্ভিদ । তাৰোপৰি বিকৃত আধুনিকতাৰ ৰাগীত মত্ত হৈ মানৱ জাতিয়ে চলোৱা ধ্বংসযজ্ঞৰ ফলতেই বিগত দুটা শতিকাত আমি হেৰুৱাবলগীয়া হ'ল আঠ শতাংশতকৈও অধিক বৰ্ষাৰণ্য অঞ্চল ।

লগতে পঢ়ক : জনা-নজনা : নৰকৰ দ্বাৰ

ABOUT THE AUTHOR

...view details