অসম

assam

ETV Bharat / bharat

জনা-নজনা : কেতিয়া আৰু কেনেকৈ আহিল টুইটাৰৰ ল’গ’ - টুইটাৰৰ ল’গ’

এটা নীলা ৰঙৰ চৰাই ৷ চৰাইটোৱে যেন আকাশৰ ফালে পাখিমেলি উৰি গৈ আছে । এনেকুৱা ভাৱ হয় যেন এটা বিহংগ পখী । এই চৰাইটো আমাৰ সকলোৰে জ্ঞাত । এইটো হৈছে জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইট টুইটাৰৰ ল’গ ৷ টুইটাৰৰ বিষয়ে বিশদভাবে কোৱাৰ প্ৰয়োজন নাই ৷ কিন্তু জানেনে, টুইটাৰৰ এই ল’গ’টো কেতিয়া আৰু কোনো বনাইছিল ?

jana najana : who made that twitter bird
জনা-নজনা : কেতিয়া আৰু কেনেকৈ আহিল টুইটাৰৰ ল’গ’

By

Published : Aug 23, 2021, 2:03 PM IST

নিউজ ডেস্ক, 23 আগষ্ট : টুইটাৰ, সাম্প্ৰতিক সময়ৰ আটাইতকৈ জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইট ৷ কিশোৰ-কিশোৰী পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা, ব্যৱসায়ী, যশস্বী অভিনেতা-অভিনেত্ৰী সকলোৱে বৰ্তমান টুইটাৰত উপলব্ধ থাকে ৷ মনৰ ভাব হওক বা ব্যক্তিগত কোনো কথা হওঁক অথবা কোনো এটা গুৰুত্বপূৰ্ণ বিষয় টুইটাৰৰ জৰিয়তে সম্প্ৰতি বিশ্বৰ সকলো প্ৰান্তৰ সকলো লোকৰ মাজত জনাজাত হৈ পৰে ৷

এটা নীলা ৰঙৰ চৰাই

লেপটপ অথবা ম’বাইলত টুইটাৰ ল’গ ইন কৰিলে নীলা ৰঙৰ চৰাইটো পৰ্দাত ভাঁহি থকা দেখা যায় । দিনটোৰ অধিকাংশ সময় আমি টুইটাৰ অথবা আন আন জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইটত ব্যস্ত থাকো ৷ কিন্তু আমি কোনোদিনে এই চৰাইটো অৰ্থাৎ ল’গ’টোৰ বিষয়ে ভবাৰ অৱকাশ পোৱা নাছিল বা জনাৰো প্ৰয়োজন অনুভৱ কৰা নাছিল ৷

টুইটাৰৰ যিটো ল’গ’ আজি আমি দেখিছো এই ল’গ’টো বহু পিছত আহিছে । টুইটাৰৰ চৰাইৰ ল’গ’টো প্ৰায় এক দশকৰো অধিক সময় ধৰি বিকশিত হৈ আহিছে । আমি এতিয়া দেখা ল’গ’টো ২০১২ চনৰ পৰা ব্যৱহৃত হৈছে । এই ল’গ’টো প্ৰাক্তন টুইটাৰ সৃষ্টিশীল পৰিচালক (Creative Director)ডাগ বোমানে অংকন কৰিছিল । টুইটাৰ আৰু এই চৰাইৰ ল’গ’টো এটা আনটোৰ পৰিপূৰক । বোমানৰ ভাষাত, "চৰাইটো টুইটাৰ আৰু টুইটাৰ হৈছে চৰাই । "

এটা নীলা ৰঙৰ চৰাই

টুইটাৰৰ এই নীলা চৰাইটোৰ এটা নামো আছে- লেৰী । লেৰীক প্ৰথম ২০০৬ চনত অংকিত কৰা হৈছিল । ব্ৰিটেইনৰ গ্ৰাফিক্স ডিজাইনাৰ চাইমন অক্সলে ইয়াক অংকন কৰিছিল । কিন্তু ২০০৬ চনৰ লেৰী আৰু আজিৰ লেৰীৰ মাজত যথেষ্ট পাৰ্থক্য আছে । সাধাৰণ দৃষ্টিত, দুয়োটাই চৰাই । তেওঁলোক দুয়োৰে ৰং নীলা । কিন্তু আজিৰ লেৰী বহুত আধুনিক । আজিৰ লেৰীৰ ভৰি নাই, চকু নাই । কিন্তু সেই সময়ত, লেৰীৰ ভৰি, চকু, সকলোবোৰ শিল্পীৰ কল্পনাত দেখা গৈছিল ।

লগতে পঢ়ক :জনা-নজনা : বছৰৰ 42 দিন মৌনব্ৰত পালন কৰা গাঁওখন

চাইমন অক্সলীয়ে যেতিয়া তেওঁ এই নীলা চৰাইটো আঁকিছিল, তেওঁ এবাৰো ভবা নাছিল যে, ইয়াক টুইটাৰৰ ল’গ’ হিচাপে ব্যৱহাৰ কৰা হ'ব । তেওঁ এই ল’গ’টো বিক্ৰীৰ বাবে এখন ফটো ৱেবছাইটত আপলোড কৰিছিল । লেৰীক এজন টুইটাৰৰ কৰ্মচাৰীয়ে মাত্ৰ ১৫ ডলাৰত ক্ৰয় কৰিছিল । কিন্তু তেওঁ তেতিয়ালৈকে লেৰীয়ে যে এদিন ছ'চিয়েল মিডিয়াৰ পৃথিৱীত বৈপ্লৱিক পৰিৱৰ্তন আনিব সেয়া কল্পনাই কৰা নাছিল ।

অক্সলেৰ এই চৰাইটো এতিয়াৰ লেৰীতকৈ বহুত পাতল আছিল । ইয়াৰ চকু আছিল, ভৰি আছিল । ইয়াৰ ভংগীমা আছিল গছৰ ডালত বহি থকাৰ দৰে । আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল যে যেতিয়া টুইটাৰে ছবিখন তেওঁলোকৰ ল’গ’ হিচাপে বাছনি কৰিছিল, অক্সলে নাজানিছিল যে টুইটাৰ নামৰ এটা কোম্পানীও আছে । টুইটাৰৰ ল’গ’টো উন্মোচন হোৱাৰ পিছত এই কথা সংবাদ মাধ্যমত প্ৰকাশ পায় ।

টুইটাৰৰ কাৰ্যালয়

অক্সলেৰ এজন বন্ধুৱে তেওঁক এই বিষয়ে অৱগত কৰিছিল । কিন্তু অক্সলীয়ে ফটোখন পোষ্ট কৰা ৱেবছাইটটোৰ নিয়ম অনুসৰি, কোম্পানীৰ ল’গ’ হিচাপে ক্ৰয় কৰা ফটো ব্যৱহাৰ কৰাটো নীতি বিৰোধী । ২০০৯ চনত কোনো কাৰণত ল’গ’টো সলনি কৰা হয় । টুইটাৰৰ অন্যতম প্ৰতিষ্ঠাপক বিজ ষ্টোন আৰু ডিজাইনাৰ ফিলিপ পাস্কুজোৱে কোম্পানীটোৰ নতুন ল’গ’টো আনিছিল । এইটো কোম্পানীৰ নিজা ল’গ’ আছিল । ল’গ’টো ২০১০ চনত আকৌ এবাৰ সলনি কৰা হৈছিল । এনেদৰেই কেইবাবাৰো সালসলনি কৰাৰ পাছত টুইটাৰৰ বৰ্তমানৰ ল’গ’টো হৈছে ।

লগতে পঢ়ক :জনা-নজনা: ক্ৰিকেটৰ প্ৰথমটো শতকৰ 250 বছৰ

ABOUT THE AUTHOR

...view details