অসম

assam

ETV Bharat / bharat

জনা নজনা : শূন্যত ওলমি থকা পৰ্বত - TURIST

জেমছ কেমেৰুন(James Cameron's)ৰ পৰিচালনাত ২০০৯ চনত নিৰ্মিত ছবি অৱতাৰে(Avatar) বিশ্বজুৰি অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল ৷ অৱতাৰৰ কাল্পনিক চৰিত্ৰ আৰু চিত্ৰপটে সকলোৰে মাজত কৌতুহলৰ সৃষ্টি কৰিছিল ৷ বিশেষকৈ পাণ্ডোৰা গ্ৰহৰ শূন্যত ওলমি থকা পৰ্বতসমূহ ! জেমছ কেমেৰুনৰ এই চিত্ৰপট কাল্পনিক আছিল নে বাস্তৱত ইয়াৰ কোনো অস্তিত্ব আছে ৷ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

JANA NAJANA : tianzi mountains china
জনা নজনা : শূণ্যত ওলমি থকা পৰ্বত

By

Published : Aug 11, 2021, 12:36 PM IST

নিউজ ডেস্ক, 11 আগষ্ট :অৱতাৰ ছবিত পাণ্ডোৰা গ্ৰহৰ আকাশত ওলমি থকা পৰ্বতসমূহ প্ৰকৃততে আছে ৷ এইয়া অকল্পনীয় হ’লেও সত্য ৷ চীনৰ ঝাংজিয়াজীৰ তিয়ানজী পৰ্বতমালাক পাণ্ডোৰা গ্ৰহৰ শূন্যত ওলমি থকা পৰ্বতসমূহৰ লগত তুলনা কৰিব পাৰি ৷ চীনৰ য়ুনান প্ৰদেশৰ ঝাংজিয়াজী অঞ্চলত অৱস্থিত তিয়ানজী পৰ্বতমালা । চতুৰ্দশ শতিকাত চীনা তুজিয়া জনজাতীয় নেতা জিয়াং ডাকুনৰ নামেৰে এই পৰ্বতমালাক তিয়ানজী বুলি কোৱা হয় ৷ তিয়ানজীৰ অৰ্থ হৈছে স্বৰ্গৰ পুত্ৰ ৷

শূন্যত ওলমি থকা পৰ্বত

অদ্ভূত গাঁথনিৰ বাবে তিয়ানজীক পাহাৰৰ পৰিৱৰ্তে স্তম্ভ বুলিহে কোৱা হয় ৷ এই পৰ্বতসমূহ মূলতঃ কোৱাৰ্টজ শিলমাটিৰে(Quartz Sandstone)ৰে নিৰ্মিত ৷ গোটেই অঞ্চলটোত অগণন উচ্চ পাহাৰ আছে । ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১২৬২.৫ মিটাৰ । ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে বতৰৰ সঘন পৰিবৰ্তন । কেতিয়াবা আকাশখন অতি পৰিষ্কাৰ হৈ পৰে আকৌ কেতিয়াবা গোটেই অঞ্চলটো ডাৱৰে ভৰি পৰে । যদি কোনোবাই এই পৰ্বতমালাক এই উচ্চতাৰ পৰা চায়, তেন্তে তেওঁ এখন ভৌতিক কল্পনিক চিনেমাৰ দৃশ্য দেখা যেন অনুভৱ কৰিব পাৰিব ৷ যেন ডাৱৰৰ মাজত অগণন শৃংগহে ৷

শূন্যত ওলমি থকা পৰ্বত

চীনৰ আশ্চৰ্যকৰ এই পৰ্বতমালা প্ৰত্যক্ষ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা বছৰি 30 নিযুত পৰ্যটকৰ আগমন হয় । বিশেষকৈ অৱতাৰ ছবিৰ মুক্তিৰ পাছত তিয়নজী পৰ্বতৰ জনপ্ৰিয়তা বহুগুণে বৃদ্ধি পাইছিল ।

লগতে পঢ়ক : জনা-নজনা : চলন্ত বাহন উৰি যোৱা অঞ্চলটো

ABOUT THE AUTHOR

...view details