অসম

assam

ETV Bharat / bharat

জনা নজনা : একেৰাহে 108 মিনিট ধৰি চলা এখন বক্সিং মেচ - Jack Burke

অলিম্পিকত ব্ৰঞ্জৰ পদক জয়েৰে বিশ্বজুৰি অসমৰ বিজয়ধ্বজা উৰুৱাই বৃহস্পতিবাৰে জন্মভূমিত উপস্থিত হয় লাভলীনা বৰগোঁহাই ৷ লাভলীনাৰ এই বিজয়ৰ পাছত বৃদ্ধি পাইছে বক্সিঙৰ জনপ্ৰিয়তা ৷ কিন্তু এখন বক্সিং খেল সৰ্বাধিক কিমান সময় চলিব পাৰে জানেনে আপুনি ? 9 মিনিট, 15 মিনিট, 30 মিনিট !

the longest boxing match in history went 110 rounds
জনা নজনা : একেৰাহে 108 মিনিট ধৰি চলা এখন বক্সিং মেচ

By

Published : Aug 12, 2021, 1:53 PM IST

নিউজ ডেস্ক, 12 আগষ্ট :এখন বক্সিং মেচ নিৰন্তৰভাৱে কিমান সময় ধৰি চলিব পাৰে ? বক্সিং মেচ এখনত সাধাৰণতে তিনি মিনিটৰ ৰাউণ্ড নিৰ্ধাৰিত থাকে ৷ প্ৰতিযোগিতাখনত মুঠ 9 ৰাউণ্ডৰ পৰা 12 ৰাউণ্ডলৈ চলিব পাৰে । প্ৰতিটো ৰাউণ্ডৰ মাজত এক মিনিটচ বিৰতি থাকে ৷ এই হিচাপত এখন মেচ সৰ্বাধিক 48 মিনিট সময় চলিব লাগে ৷ কিন্তু বিশ্বৰ আটাইতকৈ দীঘল বক্সিং মেচখন সাত ঘণ্টাতকৈও অধিক সময় চলিছিল৷

একেৰাহে 108 মিনিট ধৰি চলা এখন বক্সিং মেচ

অবিশ্বাস্য লাগিলেও এয়াই সত্য ৷ এণ্ডি বয়ন (Andy Bowen) আৰু জেক বাৰ (Jack Burke)ৰ মাজত অনুষ্ঠিত হৈছিল এই মেচখন ৷ দুয়োটা পক্ষৰ মাজত একেৰাহে ৭ ঘণ্টা ১৯ মিনিট ধৰি চলিছিল খেলখন ৷ মুঠ ১১০ ৰাউণ্ড৷

১৮৯৩ চনৰ ৬ এপ্ৰিলত লুইজিয়ানাৰ নিউ অৰলিন্সৰ অলিম্পিক ক্লাৱত অনুষ্ঠিত হৈছিল মেচখন৷ খেলখন পুৱা ৯ বজাত আৰম্ভ হৈছিল৷ দক্ষিণৰ লাইটৱেট চেম্পিয়নশ্বিপ৷ প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ ধন আছিল ২,৫০০ ডলাৰ৷ খেল আৰম্ভ হোৱাৰ পৰাই জেক বাৰ (Jack Burke) সকলোৰে প্ৰিয় আছিল ৷ তেওঁ একেৰাহে প্ৰথম ২৫ ৰাউণ্ড জিকিছিল ৷ এণ্ড বয়নো ইমান সহজে এৰি দিয়া বিধৰ নাছিল ৷

একেৰাহে 108 মিনিট ধৰি চলা এখন বক্সিং মেচ

২৫ ৰাউণ্ডৰ পৰা খেলখনৰ গতি সলনি হ’বলৈ ধৰে ৷ এণ্ডি বয়নে দুৰ্দান্ত প্ৰদৰ্শনেৰে জেক বাৰক প্ৰায় নক আউট কৰাৰ লক্ষ্যত উপনীত হৈছিল ৷ কিন্তু শেষ মুহূৰ্তত হঠাতে হুইছেল বাজি উঠে ৷ খেলখনৰ মাজতে জেকবাৰৰ দুয়োখন হাত ভাঙি যায় ৷ নিশা ৰৈ যোৱা খেলখন শেষ কৰাৰ বাবে কোনো এজনৰে শক্তি নাছিল ৷ দৰ্শকো ভাগৰি পৰিছিল ৷ কেইজনমান দৰ্শক মাজনিশা ঘৰলৈ উভতি যোৱাৰ বিপৰীতে আন কেইজনমান দৰ্শক চকীতে টোপনি গৈছিল ।

খেলখন ১০৮ ৰাউণ্ডত দুয়োজনৰে ঘুঁচিওৱাৰ শক্তি নাইকিয়া হৈ গৈছিল ৷ ১০৯ ৰাউণ্ডতো একে ঘটনাই পুনৰাবৃত্তি হয় ৷ ১১০ নম্বৰ ৰাউণ্ডতো কোনো গুৰুত্বপূৰ্ণ পাৰ্থক্য নাছিল । পৰিস্থিতি বুজি ৰেফাৰীয়ে ১১০ ৰাউণ্ডৰ শেষত মেচখন ড্ৰ ঘোষণা কৰে । সৌভাগ্যক্ৰমে ৰেফাৰীয়ে ৰাউণ্ড ১১০ ত খেলাখন বন্ধ কৰিছিল ৷ অন্যথা কোনে জানে এই খেলখন আৰু কিমান সময় চলিলহেঁতেন !

লগতে পঢ়ক :জনা নজনা : শূন্যত ওলমি থকা পৰ্বত

ABOUT THE AUTHOR

...view details