অসম

assam

By

Published : Aug 10, 2021, 12:49 PM IST

Updated : Aug 10, 2021, 1:51 PM IST

ETV Bharat / bharat

জনা-নজনা : গছত উঠা ছাগলী

গছত গৰু উঠা কথাষাৰ আপুনি নিশ্চয় শুনিছে ৷ কিন্তু ছাগলী গছত উঠা ! শুনি ভাবিছে চাগে এয়া বাৰু সম্ভৱনে ? হয়, অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য ৷

jana najana: goats climb in tree at morocco
জনা-নজনা : এনে এখন ঠাই য’ত ছাগলী উঠে গছত

নিউজ ডেস্ক, 10 আগষ্ট : থিয় পৰ্বত আৰোহণ কৰা ছাগলীৰ বিষয়ে হয়তো বহুতেই জানে । কিন্তু গছত উঠা ছাগলী ! হয়, ঠিকেই শুনিছে আপুনি ৷ "গছত গৰু উঠা, হুলাবাৰীৰে কাণ খুজোৱা" বুলি অসমীয়া এফাঁকি ফকৰা-যোজনা প্ৰচলিত ৷ কিন্তু গছত ছাগলী উঠা কথাশাৰীও যে সমানে সত্য ৷

এই ছাগলী আছে মৰক্কোত । আচলতে ছাগলীৰ খাদ্য হৈছে সেউজীয়া ঘাঁহ ৷ কিন্তু মৰক্কোৰ দক্ষিণ-পশ্চিম অঞ্চলত সহজে উপলব্ধ নহয় সেউজীয়া ঘাঁহ । শুকান জলবায়ু আৰু মৰুভূমিৰ বাবে ইয়াত ঘাঁহ পোৱা নাযায় ৷ এনে পৰিস্থিতিত অঞ্চলটোত থকা ছাগলীৰ দৰে তৃণভোজী প্ৰাণীসমূহে স্থানীয় আৰ্গান গছত বগাই সেউজীয়া পাত খোৱাৰ বাহিৰে আন কোনো উপায় নাই ৷

গছেই ছাগলীবোৰৰ আশ্ৰয়স্থল

অৱশ্যে এই ছাগলীবোৰ গছত উঠিব পৰা ক্ষমতা জন্মগত নহয় ৷ মৰক্কোৰ স্থানীয় লোকে ছাগলীবোৰক ঠেলা মাৰিহে গছত উঠিবলৈ শিকায় । এই চাৰিঠেঙীয়া জন্তুবোৰে প্ৰথমে শিশুসকলক দেখি গছত উঠিবলৈ শিকে ৷ পাছত শিশুবোৰে ছাগলীবোৰক গছত ঠেলি উঠিবলৈ সহায় কৰে ৷

মৰক্কোত শৰৎকালত পথাৰত প্ৰায় খাদ্য নাথাকে ৷ যাৰ বাবে ছাগলীবোৰে আৰ্গান গছত উঠি ফল-মূল আৰু পাত খাই জীয়াই থাকে ৷ ইয়াৰ ফলত স্থানীয় লোকসকল উপকৃত হয় ৷ কাৰণ ছাগলীবোৰে গুটিৰ সৈতে ফলবোৰ খায় আৰু শৌচৰ জৰিয়তে আন ঠাইত বিয়পাই দিয়ে ৷ যাৰ ফলত গছপুলিৰো জন্ম হয় ৷

লগতে পঢ়ক :জনা-নজনা : বিশ্ব সাহিত্যত খলকনি তোলা এখন ৰহস্যময় গ্ৰন্থ

Last Updated : Aug 10, 2021, 1:51 PM IST

ABOUT THE AUTHOR

...view details